নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ মছজিদত লাউডস্পীকাৰ ব্যৱহাৰৰ বিতর্কত শেহতীয়াকৈ মাত মাতিছে এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই৷ মহাৰাষ্ট্র চৰকাৰক মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰিবলৈ দাবী জনোৱা এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই কালি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ পত্র প্রেৰণ কৰি এই সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ নির্দেশ পালন কৰিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনাইছে৷ অহা ৩ মে’ৰ ভিতৰত মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰিবলৈ চৰকাৰক সকীয়নিও দিছে মহাৰাষ্ট্র নৱনির্মাণ সেনা চমুকৈ এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই৷ উচ্চতম ন্যায়ালয়ে মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰিবলৈ দিয়া নির্দেশ ৰূপায়ণ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ দাবী পত্রখনত উল্লেখ কৰা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রীলৈ পত্র প্রেৰণৰ পূর্বে এম এন এছে মহাবিকাশ আঘাৰী চৰকাৰক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈও সকীয়নি দিছে৷