নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশত উত্তৰ প্রদেশ চৰকাৰে অযোধ্যাত মছজিদ নির্মাণৰ বাবে স্থান চিহ্ণিত কৰিছে৷ অযোধ্যাৰ মীর্জাপুৰ, ছামছুদ্দিনপুৰ আৰু চন্দনপুৰত পাঁচটাকৈ স্থান চিহ্ণিত কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ উল্লেখনীয় যে মন্দিৰ নির্মাণ হ’বলগীয়া স্থানৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত আছে এই পাঁচোটা স্থান৷ উত্তৰ প্রদেশ চৰকাৰে চুন্নীত ৱাক্ফ ব’ডক ইয়াৰে যিকোনো এটা স্থান মছজিদ নির্মাণৰ বাবে বাছনি কৰিবলৈ প্রস্তাৱ আগবঢ়াব৷ উল্লেখনীয় যে যোৱা ৯ নৱেম্বৰত দেশৰ শীর্ষ আদালতে কেইবাদশক পুৰণি অযোধ্যাৰ ৰাম জন্মভূমি–বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰৰ ঐতিহাসিক ৰায়দান কৰাৰ সময়ত বিবদমান ২.৭ একৰ ভূমিত মন্দিৰ নির্মাণ হ’ব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ বিপৰীতে অযোধ্যাৰ ভিতৰত অন্য স্থানত মছজিদ নির্মাণৰ বাবে চৰকাৰক ৫ একৰ ভূমি দিবলৈও নির্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷