নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যাহ্ণ ভোজনত প্রয়োজনীয় পুষ্টিৰ অভাৱ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেশৰ বিভিন্ন ৰাজ্যত শিক্ষানুষ্ঠানসমূহৰ মধ্যাহ্ণ ভোজনত প্রয়োজনীয় পুষ্টি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে শিক্ষার্থীসকল৷ দেশৰ ৰাজ্যসমূহৰ লগতে ১১টা কেন্দ্রীয়শাসিত অঞ্চলৰ পৰা মধ্যাহ্ণ ভোজনৰ ১৬২টা নমুনা সংগ্রহ কৰা হৈছিল৷ প্রায় ২৮ নিযুত শিশু ছাত্র–ছাত্রীয়ে মধ্যাহ্ণ ভোজন গ্রহণ কৰা শিক্ষানুষ্ঠানৰ পৰা এই নমুনাবোৰ সংগ্রহ কৰা হৈছিল যদিও ইয়াৰে ৭৯টা নমুনা কেন্দ্রীয় চৰকাৰৰ ছাপ্লিমেণ্টৰী নিউট্রিচন প্রগ্রেম (এছএনপি)ৰ মান্যতাৰ তলত থকা বুলি প্রমাণিত হৈছে৷

\কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ে যোৱা বছৰৰ নৱেম্বৰ মাহত সংগ্রহ কৰিছিল এই নমুনাবোৰ৷ উল্লেখনীয় যে মধ্যাহ্ণ ভোজনত বহু ৰাজ্যত শিক্ষানুষ্ঠানসমূহত ছাত্র–ছাত্রীসকলে প্রয়োজনীয় পুষ্টি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এই তথ্য পোহৰলৈ অহাৰ পিছতে বিভিন্ন সামাজিক সংগঠনে ক্ষোভ উজাৰিছে৷ হিন্দুস্তান টাইমছৰ পৰা এই ঘটনা সন্দর্ভত প্রকাশ কৰা হৈছে সবিস্তাৰে এক প্রতিবেদন৷

You might also like