নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা পুনৰ ২৩ মে’লৈ বৃদ্ধি আদালতৰ

নিয়মীয়া বাৰ্তা, ৯ মে’: দিল্লীৰ প্রাক্তন উপ–মুখ্যমন্ত্রী তথা আপ নেতা মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ২৩ মে’লৈ বৃদ্ধি কৰিছে আদালতে৷ আবকাৰী কেলেংকাৰিৰ গোচৰত গ্রেপ্তাৰ হোৱা ছিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰে দিল্লীৰ ৰ’ছ এভিনিউ আদালতে৷ উল্লেখনীয় যে চি বি আয়ে প্রথম ছিছ’দিয়াক গ্রেপ্তাৰ কৰাৰ পিছত কাৰাগাৰতে ইডিয়ে গ্রেপ্তাৰ কৰে৷ দিল্লীৰ আবকাৰী নীতি সন্দর্ভত সৃষ্টি হোৱা অনিয়মৰ বাবে ইডিয়ে ৬২২ কোটি টকাৰ অপৰাধত ছিছ’দিয়া জড়িত থকা বুলি ইতিমধ্যে এক অতিৰিক্ত চার্জশ্বীট দাখিল কৰিছে আদালতত৷ ইয়াৰ পূর্বে ইডিয়ে এই গোচৰটোত ২ হাজাৰ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছিল মনীষ ছিছ’দিয়াক অভিযুক্ত কৰি৷ লক্ষণীয়ভাৱে ইডি আৰু চি বি আয়ে কোনো ধৰণৰ প্রামাণিক নথি অবিহনে ছিছ’দিয়াক গ্রেপ্তাৰ কৰা বুলি অভিযোগ তুলি আপে এনে কার্যৰ বাবে বিজেপিক ক্ষমা বিচাৰিবলৈ দাবী কৰিছিল৷

You might also like