নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰ নির্মাণঃ ৰাম মন্দিৰ ন্যাসে অযোধ্যাত মুকলি কৰিলে বেংক একাউণ্ট

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ দশক দশকজোৰা বিবাদৰ পাছত উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৫ একৰ ভূমিত ৰাম মন্দিৰ নির্মাণৰ নির্দেশ দিয়াৰ পাছত অলপতে কেন্দ্রীয় চৰকাৰে এখন ন্যাস গঠন কৰি দিছিল ৷ সেই ন্যাসৰ উদ্যোগত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ প্রস্তুতি চলিছে ৷ বৃহস্পতিবাৰে আবেলি শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ট্রাষ্ট নামেৰে ৰাম মন্দিৰৰ এটা একাউণ্ট ভাৰতীয় ষ্টেট বেংকৰ অযোধ্যা শাখাত মুকলি কৰে ৷ এই একাউণ্টে ২৭ বছৰ পূর্বে এছ বি আইৰ ফৈজাবাদ শাখাত খোলা পুৰণা একাউণ্টটো একত্রীতকৰণ কৰিব৷ উল্লেখ্য যে এই পুৰণা একাউণ্টটোত দহ কোটি টকা ইতিমধ্যে জমা হৈ আছে ৷ এই সকলোখিনি টকা নতুন একাউণ্টলৈ লৈ অহা হ’ব৷ ন্যাসৰ সদস্য অনিল মিশ্রই বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ৷ জিলা কোষাগাৰ বিষয়া, এছ বি আইৰ কর্মকর্তা আৰু দণ্ডাধীশে জানিবলৈ দিয়া মতে, প্রতি পোন্ধৰ দিনৰ মূৰে মূৰে জমা অনুদানৰ ধন হিচাপ কৰা হ’ব ৷

You might also like