নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীৰ পৰোক্ষ প্রভাৱত ভাৰতত এমাহৰ ভিতৰতে প্রাণ হেৰুৱালে ২৪৪ জনে

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ মহামাৰী ক’ৰোনাৰ সংক্রমণৰ সময়ত দেশত উদ্ভৱ হৈছে আন কেতবোৰ ভয়ানক সামাজিক সংকটৰ৷ মাৰাত্মক ক’ভিড–১৯ ভাইৰাছৰ প্রত্যক্ষ প্রভাৱত নহ’লেও ইয়াৰ পার্শ্বক্রিয়াৰ ফলত বিগত এটা মাহত দেশত মৃত্যুমুখত পৰিছে ২৪৪জন লোক৷ ‘ডাটা মীট’ নামৰ এটা গৱেষণা প্রতিষ্ঠানে শেহতীয়াকৈ এই তথ্য প্রকাশ কৰিছে৷ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত বাতৰি তথা প্রতিষ্ঠানটোৱে নিজা সূত্রৰ পৰা সংগ্রহ কৰা তথ্যৰ আধাৰত প্রকাশ কৰা প্রতিবেদন অনুসৰি, ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত ভয়ংকৰ সামাজিক সমস্যাত জর্জৰিত হৈ পৰিছে ভাৰতবর্ষ৷ এই সমস্যাৰ মুখামুখি হ’ব নোৱাৰি বহুসংখ্যক লোকে আত্মহত্যাৰ পথো বাছি ল’বলগীয়া হৈছে৷ ভোকত, খাদ্যৰ অভাৱত, হতাশাত, অর্থসংকটত মৃত্যুমুখত পৰিছে কেইবাগৰাকীও লোক৷ ক’ভিড–১৯ৰ বাহিৰে আন স্বাস্থ্যজনিত সমস্যা আনকি সুৰাৰ নাটনিয়েও প্রাণ কাঢ়িছে বহুতৰ৷ লক্ষণীয়ভাৱে ২৪৪জনীয়া মৃতকৰ তালিকাত অসমৰো ৩জন লোক আছে৷ স্বাভাৱিকতে ক’ৰোনাৰ সংক্রমণৰ সমান্তৰালভাৱে এয়াও ১৩৩ কোটিৰ দেশ ভাৰতবর্ষৰ বাবে আন এক প্রত্যাহ্বান হৈ দেখা দিছে৷ ‘ডাটা মীট’ৰ প্রতিবেদন অনুসৰি, ক’ৰোনা প্রতিৰোধৰ বাবে গ্রহণ কৰা লকডাউনৰ সময়ছোৱাত আত্মহত্যাৰ ঘটনা দ্রুতগতিত বাঢ়িবলৈ লৈছে৷ বিগত এমাহত ক’ভিড–১৯ৰ ফলত দেশত সৃষ্টি হোৱা অন্যান্য সামাজিক সমস্যাৰ ফলত বহুতে আত্মহননৰ দৰে চৰম পথ বাছি লৈছে৷ মূলতঃ বিত্তীয় সংকট, ব্যৱসায়িক লোকচান, ভাইৰাছৰ সংক্রমণৰ ভয়, একাকীত্ব, হতাশা, কৃষিজাত সামগ্রীৰ অপচয়, কোৱাৰেণ্টাইনৰ বাবে লাভ কৰা নির্দেশ, বাসস্থান–কর্মসংস্থ্ অভাৱ, ষ্ট্রেছ, খাদ্যৰ অভাৱ, খাদ্যবস্তুৰ নাটনিয়ে সৃষ্টি কৰা পাৰিবাৰিক সমস্যাৰ ফলতে আত্মহত্যাৰ ঘটনাসমূহ সংঘটিত হৈছে৷ যোৱা ২২ মার্চৰ পৰা ২১ এপ্রিল পর্যন্ত সমগ্র দেশত ওপৰোক্ত সমস্যাসমূহৰ মোকাবিলা কৰিব নোৱাৰিয়ে মুঠ ৯৪জন লোকে আত্মহত্যাৰ পথ লৈছে৷ আনকি, দেশত এনে কেইবাটাও ঘটনা পোহৰলৈ আহিছে যে পর্যাপ্ত খাদ্য সময়মতে যোগাৰ কৰিব নোৱাৰা বাবেই নিজৰ স্বামীক এৰি পৰপুৰুষলৈ পলাই গৈছে বিবাহিত মহিলা৷ যাৰ বাবে তেওঁৰ স্বামীয়ে আত্মহননকে সমস্যাৰ পৰা পৰিত্রাণৰ একমাত্র পথ হিচাপে গ্রহণ কৰিছে৷ দীঘলীয়া লকডাউনৰ সময়ত সমগ্র দেশত কৃষকসকলে সন্মুখীন হোৱা সীমাহীন সমস্যাৰ উল্লেখ কৰাটো নিষ্প্রয়োজন৷ ধাৰ–ঋণ লৈ কৰা খেতিৰ ফচল বজাৰত বিক্রীৰ ব্যৱস্থা নাই, পথাৰতে গেলি–পচি গৈছে কুইণ্টলৰ উপৰি কুইণ্টল শাক–পাচলি৷ এনে সংকটৰ পাহাৰ দাঙিব নোৱাৰিয়েই বহুতে আত্মহত্যা কৰিবলগীয়া হৈছে৷ আটাইতকৈ নিদাৰুণ ঘটনা হ’ল অনাহাৰত খালী পেটে থাকি ১১জনকৈ লোক মৃত্যুমুখত পৰিছে৷ ‘ডাটা মীট’ৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ ইয়াৰ বাহিৰেও ক্ষুধাতুৰ লোকে খাদ্য সংগ্রহৰ  বাবে শাৰী পাতি থকা অৱস্থাতো হিটষ্ট্রোকত আক্রান্ত হৈ মৃত্যুৰ কবলত পৰিছে৷ বাংগালুৰুৰ গৱেষণা প্রতিষ্ঠানটোৰ মতে, ক্ষুধাৰ সমস্যাৰ লগতে আৰক্ষীৰ সন্ত্রাস, গণ উন্মাদনা, ৰেচনক লৈ সৃষ্টি হোৱা হতাহতি, প্রব্রজিত শ্রমিকে দীঘলীয়া পথ খোজকাঢ়ি অতিক্রম কৰোঁতে সন্মুখীন হোৱা শাৰীৰিক সমস্যা, অর্থ–খাদ্য সংকটত পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হোৱা সংঘাতো বহুতৰ মৃত্যুৰ কাৰণ হৈ পৰিছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল, চিকিৎসালয়ত সদ্যোজাত শিশুক কুকুৰে আক্রমণ কৰি ছিৰাছিৰ কৰাৰ ঘটনাও এইখন দেশত সংঘটিত হৈছে৷ আনহাতে, ক’ৰোনাক লৈ সৃষ্টি হোৱা জৰুৰীকালীন সময়ছোৱাত আইচিইউৰ অভাৱ আৰু সঠিক চিকিৎসা লাভ নকৰি বহুসংখ্যক লোক মৃত্যুমুখত পৰিছে৷ সুৰাপান কৰিব নোপোৱাৰ ফলত শৰীৰত দেখা দিয়া সমস্যাই কেইবাজনৰো প্রাণ কাঢ়িছে৷ লক্ষণীয়ভাৱে অসমো এনে সামাজিক সমস্যাত আক্রান্ত হৈছে৷ ‘ডাটা মীট’ৰ তথ্য অনুসৰিয়ে লকডাউনৰ সময়ছোৱাত যোৱা ২৮ মার্চত কাছাৰৰ এজন লোক ৰহস্যজনকভাৱে মৃত্যুমুখত পৰিছে৷ ইয়াৰ পিছদিনাই অর্থাৎ ২৯ মার্চৰ দিনা ৰাজ্যখনৰ এজন কেঞ্চাৰ আক্রান্ত ৰোগীৰো সময়মতে এম্বুলেঞ্চ আহি নোপোৱাৰ ফলত মৃত্যু হৈছে৷ যোৱা ৪ এপ্রিলত গোৱালপাৰাৰ বালিজানাত খাদ্য সংকটত ভুগি এজন লোকে আত্মহত্যাৰ পথ লৈছে৷ এয়া মাত্র যোৱা এটা মাহত সংঘটিত কেতবোৰ ঘটনাৰ উদাহৰণহে৷ বিস্তৃত গৱেষণাই নিশ্চয় আৰু বহু কৰুণ ঘটনা অহা সময়ছোৱাত পোহৰলৈ আনিব৷ কিন্তু সাম্প্রতিক সময়ৰ চিন্তনীয় বিষয়টো হ’ল– ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ সংক্রমণে অহা সময়ছোৱাত বিশ্বজোৰা অর্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ কেইবাটাও আন্তঃৰাষ্ট্রীয় সংস্থাই ইতিমধ্যে ইয়াৰ ভৱিষ্যদ্বাণী কৰিছে৷ ভাৰততো অনাগত দিনত অনুৰূপ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লাখ লাখ লোকে কর্মসংস্থাপন হেৰুওৱাৰ আশংকা স্পষ্ট হৈ পৰিছে৷ যাৰ প্রতিধ্বনি এতিয়াই শুনিবলৈ পোৱা গৈছে৷ লকডাউনৰ সময়ত উদ্ভৱ হোৱা সামাজিক সংকটে যে ভৱিষ্যতে আৰু বেছি ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া ধুৰুপ৷ এনে পৰিস্থিতিত ক’ৰোনাৰ সমান্তৰালভাৱে ভাৰতবর্ষই এই সামাজিক সমস্যাৰো মোকাবিলা কৰিব লাগিব৷ যিটো স্বাভাৱিকতেই এক নতুন প্রত্যাহ্বান হিচাপে বিবেচিত হৈছে৷

You might also like