নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্র চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট পাৱাৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ এলগাৰ পাৰিষদ গোচৰৰ তদন্তৰ ভাৰ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা চমুকৈ ‘নিয়া’লৈ হস্তান্তৰ কৰাৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ সিদ্ধান্তত অসন্তুষ্টি প্রকাশ কৰিছে নেচনেলিষ্ট কংগ্রেছ পার্টীৰ প্রধান শাৰদ পাৱাৰে৷ মহাৰাষ্ট্রত শিৱসেনা, এনচিপি আৰু কংগ্রেছে চৰকাৰ গঠন কৰাৰ পিছত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রী তথা শিৱসেনাৰ প্রধান উদ্ধৱ থাকৰেৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিল সহযোগী দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ৷ তেওঁ কয় যে এলগাৰ পাৰিষদৰ গোচৰ কেন্দ্রীয় চৰকাৰে ‘নিয়া’ক গ্রহণ কৰিবলৈ দিয়া সিদ্ধান্ত অনুচিত আছিল আৰু ৰাজ্য চৰকাৰে ইয়াক অনুমোদন জনোৱাটো অত্যন্ত অনুচিত কার্য৷ মহাৰাষ্ট্র বিকাশ আঘাড়ী চৰকাৰে দায়িত্ব লোৱাৰ পিছত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রীক সমালোচনা কৰিলে শাৰদ পাৱাৰে৷ উল্লেখ্য যে পুনেৰ আদালতে এলগাৰ পাৰিষদৰ গোচৰটোৰ ৰেকর্ড স্থানান্তৰ কৰাৰ ‘নিয়া’ ৰ আবেদন মঞ্জুৰ কৰিছে।

You might also like