নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছ–কেঁকোৰাৰো ক’ভিড পৰীক্ষা আৰম্ভ চীনত

নিয়মীয়া বাৰ্তা,২০ আগষ্ট: অকল মানুহৰেই নহয়, এইবাৰ জলচৰ প্রাণীসমূহৰো ক’ভিড পৰীক্ষা আৰম্ভ কৰিছে চীনে৷ ‘ছাউথ চায়না মর্নিং পোষ্ট’ নামৰ কাকতখনত প্রকাশিত এটা সংবাদত স্বাস্থ্য কর্মীয়ে সামুদ্রিক মাছ আৰু কেঁকোৰাৰ আৰটিপিচিআৰ পৰীক্ষা কৰা বুলি ঘোষণা কৰিছে৷ আনকি চিকিৎসা কর্মীয়ে মাছ আৰু কেঁকোৰাৰ এই ক’ভিড পৰীক্ষা কৰি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷ পিপিই কিট পৰিধান কৰি স্বাস্থ্যকর্মীসকলে এনেদৰে জলজ প্রাণীসমূহৰ ক’ভিড টেষ্ট কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷

স্মর্তব্য যে ক’ভিড সংক্রমণ যথেষ্ট নিয়ন্ত্রণলৈ আহিছিল চীনত৷ দেশখনক ক’ভিডমুক্ত কৰিবলৈ শূন্য সহনশীল নীতি গ্রহণ কৰিছিল চৰকাৰে৷ কিন্তু ইয়াৰ মাজতেই দেশখনত পুনৰ ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ ধৰে৷ গতিকে সকলোতে এতিয়া ক’ভিড পৰীক্ষা আৰম্ভ কৰিছে চীনে৷

You might also like