নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী থাকৰেলৈ সকাহ ২৭ মে’ৰ পূর্বে মহাৰাষ্ট্রৰ বিধান পৰিষদৰ নির্বাচন

নিয়মীয়া বাৰ্তা, ২মেঃ অৱশেষত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেলৈ সকাহ৷ বুধবাৰে নিশা প্রধানমন্ত্রী নৰেন্দ্র মোদীক ফোনযোগে উদ্ধৱ থাকৰেই ৰাজ্যখনৰ বিধান পৰিষদৰ নির্বাচনক লৈ পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে নির্বাচন আয়োগে ২৭ মে’ৰ পূর্বে বিধান পৰিষদৰ নির্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ৰাজ্যখনৰ বিধানসভা আৰু বিধান পৰিষদৰ উভয়ৰে সদস্য নোহোৱা মুখ্যমন্ত্রী থাকৰেই তেওঁৰ কার্যকাল চলাই নিবলৈ হ’লে বিধান পৰিষদৰ সদস্য হিচাপে নির্বাচিত হোৱাটো প্রয়োজনীয়৷ ইতিমধ্যে ৰাজ্যৰ কেবিনেটে বিধান পৰিষদৰ সদস্য হিচাপেও উদ্ধৱ থাকৰেক মনোনীত কৰি ৰাজ্যপাললৈ প্রেৰণ কৰিছিল৷ কিন্তু লকডাউনৰ বাবে নির্বাচন অনুষ্ঠিত নোহোৱাত ৰাজ্যপালগৰাকীয়ে থাকৰেক সদস্য হিচাপে মনোনীত কৰাত বিলম্ব কৰি আছে৷ ৰাজ্যপালৰ এই ভূমিকাক লৈ অসন্তুষ্ট মুখ্যমন্ত্রী থাকৰেই এই সন্দর্ভত পদক্ষেপ ল’বলৈ প্রধানমন্ত্রী মোদীক টেলিফোনযোগে আহ্বান জনাইছিল৷

You might also like