নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ভিড–১৯ত সর্বাধিক আক্রান্ত ৰাজ্য মহাৰাষ্ট্রত ক’ৰোনাত আক্রান্ত ১৭১ সাংবাদিক বর্তমান সুস্থ হৈ উঠিছে ৷ ৰাজ্যখনৰ প্রেছ ইনফৰমেচন ব্যুৰ’ৱে টুইটযোগে প্রকাশ কৰা মতে ক’ভিড–১৯ত আক্রান্ত ১৭১গৰাকী সাংবাদিক সুস্থ হৈ উঠিছে ৷ উল্লেখ্য যে তথ্য মতে ১৫ এপ্রিলত ১৭১গৰাকী সাংবাদিকৰ ক’ভিড–১৯ৰ পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ভিতৰত ২০ এপ্রিলত ৫৩জন, পৰৱর্তী ২২ এপ্রিলত ৫৩জন আৰু ২৬ এপ্রিলত ৩১জন সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈছিল৷ চিকিৎসালয়ত এসপ্তাহ ধৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ পিছত উল্লিখিত সাংবাদিকসকল ক’ভিড–১৯ৰ পৰা মুক্ত হয়৷ অৱশ্যে বর্তমান সাংবাদিককেইগৰাকীক কোৱাৰেণ্টাইনত ৰাখি সূক্ষ্ম নিৰীক্ষণ চলাই থকা হৈছে৷ মন কৰিবলগীয়া যে মহাৰাষ্ট্রৰ মুম্বাইত ক’ভিড–১৯ যুঁজত অংশ লৈ বাতৰি যুগুতাই সম্প্রচাৰ কৰি থকা টিভি চেনেলৰ অধিকাংশ সাংবাদিক ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে সাংবাদিকসকলক ক’ভিড–১৯ৰ বাতৰি সংগ্রহৰ ক্ষেত্রত অধিক সতর্কতা অৱলম্বন কৰাৰ লগতে ক’ভিড–১৯ চিকিৎসালয়ত পার্যমানে প্রৱেশৰ পৰা আঁতৰি থাকিবলৈ নির্দেশনা জাৰি কৰিছিল৷ ইয়াৰ পিছতো বাতৰি সংগ্রহৰ নামত সাংবাদিসকলে চিকিৎসালয়ত ভিৰ কৰাৰ পৰিপ্রেক্ষিততেই মহামাৰী ভাইৰাছটোত আক্রান্ত হ’বলগীয়াত পৰিছিল ৷