নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত গীত–কথাৰে অসমীয়া শিল্পী সমাজৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একত্রিত হ’ল মুম্বাইত প্রতিষ্ঠিত অসমীয়া শিল্পী সমাজ ৷ মায়ানগৰী মুম্বাইত কর্মৰত শিল্পীসকলে গীত আৰু কথাৰে তীব্র বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ ৷ অসমীয়া শিল্পী সমাজৰ উদ্যোগত আজি মুম্বাইৰ আজাদ ময়দানত জাহ্নু বৰুৱা, পাপন, জয় বৰুৱা, ধ্রুৱজ্যোতি ফুকন, শাশ্বতী ফুকন, অনুৰাগ শইকীয়া, যতীন শর্মা, সীমা বিশ্বাস, ময়ুখ হাজৰিকা, দীপান্বিতা শর্মা, অম্বৰ দাস, গৰিশা নাথ, উর্মিলা মহন্ত, জুতিকা মহন্ত, অনিন্দিতা পাল, গৌতম চক্রৱর্তী, পৰীণীতা বৰঠাকুৰকে ধৰি প্রায় তিনি শতাধিক শিল্পী আৰু কলা–কুশলীয়ে অসমীয়া ভাষা আৰু জাতিৰ অস্তিত্বৰ প্রতি ভাবুকি আনিব পৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনায় ৷

বিশিষ্ট চলচ্চিত্র পৰিচালক জাহ্নু বৰুৱাই অসমৰ বর্ণিল বুৰঞ্জীৰ আভাষ দি জাতিৰ সংকটত সকলোকে একগোট হৈ আগবাঢ়ি আহিবলৈ অনুপ্রেৰণামূলক বক্তব্য আগবঢ়ায় ৷ আনহাতে, শিল্পীসকলে ‘আহ আহ আহ ওলাই আহ’ আদি বহু অসমীয়া বিপ্লৱী আৰু প্রতিবাদী গীতেৰে মুম্বাইৰ আজাদ ময়দানত অসমীয়াক জাগ্রত হ’বলৈ আহ্বান জনাই কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে ৷

শান্তিপূর্ণ গণতান্ত্রিক এই প্রতিবাদত শিল্পীসকলে ‘ন’ কেব’, ‘জয় আই অসম’, ‘আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰোঁ’ আদি বিভিন্ন শ্লোগান দি আৰু প্লেকার্ড প্রদর্শন কৰে ৷ উল্লেখ্য যে এই প্রতিবাদী সমাৱেশত মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েঞ্চৰ ছাত্র–ছাত্রী আৰু বহুসংখ্যক প্রবাসী অসমীয়ায়ো অংশ লৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে ৷ ইফালে, শনিবাৰে সন্ধিয়া ৭ বজাত নিউ মুম্বাইৰ প্রবাসী অসমীয়া মহিলাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মমবাতি জ্বলাই প্রতিবাদ সাব্যস্ত কৰা হয় ৷

You might also like