নিয়মীয়া বাৰ্তা, ৬ মার্চঃ পশ্চিমবংগত নাগৰিকত্ব চিনাক্তকৰণ কার্ডক লৈ হোৱা এক নাভূত–নাশ্রুত ঘটনা পোহৰলৈ আহিছে ৷ ৰাজ্যখনৰ মুর্ছিদাবাদত এজন ব্যক্তিয়ে ভোটাৰ আইডি কার্ড গ্রহণ কৰাৰ সময়ত দেখা পালে কার্ডখনত তেওঁৰ পৰিৱর্তে এটা কুকুৰৰ ছবি ছপা হৈছে ৷ সুনীল কর্মকাৰ নামৰ ৰামনগৰৰ ব্যক্তিজনে যোৱা ৮ জানুৱাৰীত জন্মৰ তাৰিখ ভুলকৈ অহাৰ বাবে শুধৰণিৰ আবেদন কৰিছিল ৷ কিন্তু পিছত তেওঁৰ হাতত পৰা ভোটাৰ আইডি কার্ডখন দেখি খঙত অগ্নিশর্মা হৈ পৰে ৷ নির্বাচন আয়োগে জন্তুৰ লগত তেওঁক তুলনা কৰি মানৱতাৰ চৰম অপমান কৰা বুলি ক্ষোভ উজাৰে ৷