নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক লৈ বিবিচিৰ তথ্যচিত্রৰ দ্বিতীয় খণ্ডতো বিতর্ক

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: বিতর্কৰ মাজতে সম্প্রচাৰিত হ’ল বি বি চিৰ তথ্যচিত্র ‘ইণ্ডিয়া ঃ দ্য মোদী কুৱেচন’ৰ দ্বিতীয় ভাগ৷ দ্বিতীয় খণ্ডতো মোদীৰ বিৰোধিতাৰে সৰৱ ব্রিটিছ সংবাদ সংস্থা বি বি চি৷ দ্বিতীয় খণ্ডত ৩৭০ ধাৰাৰ বিলুপ্তি, নাগৰিকত্ব সংশোধনী আইন আৰু সাম্প্রদায়িক সংঘর্ষৰ বিষয়টো তুলি ধৰা হৈছে৷ তথ্যচিত্রখনৰ দ্বিতীয় ভাগত স্পষ্টভাৱে দাবী কৰা হৈছে যে প্রধানমন্ত্রী মোদীয়ে এক নতুন তথা সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বার্তা দিলেও ধর্মীয় ভেদাভেদ বৃদ্ধি কৰিছে৷ ইয়াৰ উপৰি গোধ্ৰাৰ হিংসাৰ সমস্ত গোচৰৰ পৰা প্রধানমন্ত্রীক অব্যাহতি দিলেও এই বিষয়টোত প্রশ্ণ থাকি যোৱা বুলি দাবী কৰা হৈছে বি বি চিৰ তথ্যচিত্রত৷ অৱশ্যে তথ্যচিত্রৰ দ্বিতীয় খণ্ড এতিয়াও ভাৰতত সম্প্রচাৰিত হোৱা নাই৷

You might also like