যন্তৰ–মন্তৰত ধর্ণাৰত ৰেষ্টলাৰসকলক সাক্ষাৎ সহস্রাধিক কৃষকৰ
নিয়মীয়া বাৰ্তা, ৮ মে’: ৰ’দ–বৰষুণ উপেক্ষা কৰি সুবিচাৰৰ দাবীত দিনৰ পিছত দিন যন্তৰ–মন্তৰত আন্দোলন অব্যাহত ৰাখিছে দেশৰ আন্তর্জাতিক পর্যায়ৰ পদক বিজয়ী ৰেষ্টলাৰসকলে৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এতিয়াও তেওঁলোকৰ আন্দোলনক বিশেষ গুৰুত্ব দিয়া হোৱা নাই৷ এনে অৱস্থাতে আন্দোলনৰত ৰেষ্টলাৰসকলৰ ওচৰত থিয় দি কেন্দ্রক সময়সীমা বান্ধি দিলে কৃষকসকলে৷ তেওঁলোকে জনাই দিলে যে অহা ২১ মে’ৰ ভিতৰত বজৰং পুনিয়া, ভিনেশ ফ’গাটহঁতৰ সমস্যা সমাধান কৰিব লাগিব৷ নিগৃহিতা ৰেষ্টলাৰসকলৰ কাষত থিয় হৈছে সংযুক্ত কৃষক মর্চা৷ যন্তৰ মন্তৰত সমৱেত হয় হাৰিয়ানাৰ খাপ মহাপঞ্চায়তৰ কৃষক নেতাসকল৷ ৰেষ্টলাৰসকলৰ প্রতি চৰকাৰে দেখুওৱা অবিচাৰৰ বিষয়টো সমগ্র দেশতে বিয়পাই দিবলৈ বদ্ধপৰিকৰ তেওঁলোক৷ আনকি মর্চাৰ তৰফৰ পৰা এই কথাও জানিবলৈ দিয়ে যে ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতি ব্রীজভূষণ চৰণ সিঙৰ গ্রেপ্তাৰৰ দাবীত সমগ্র দেশতে প্রতিবাদী সমদল উলিওৱা হ’ব৷ ইয়াৰ লগতে কৃষক মর্চাই স্পষ্টভাৱে জনাই দিয়ে যে অহা ১৫ দিনৰ ভিতৰত কেন্দ্রীয় চৰকাৰে ৰেষ্টলাৰসকলৰ সমস্যাৰ সমাধান কৰিব লাগিব৷ তদুপৰি ব্রীজভূষণকো গ্রেপ্তাৰ কৰিব লাগিব বুলি তেওঁলোকে দাবী উত্থাপন কৰে৷ উল্লেখ্য যে উত্তৰ প্রদেশ, ৰাজস্থান, পঞ্জাব আৰু হাৰিয়ানাৰ পৰা হাজাৰ হাজাৰ কৃষক কালিয়েই দিল্লী অভিমুখে ৰাওনা হৈছিল৷ কৃষকসকলৰ এনে ভয়ংকৰ ৰূপ দেখি যন্তৰ–মন্তৰসহ সমগ্র ৰাজধানী দিল্লীত নিৰাপত্তাৰ চাদৰেৰে মেৰিয়াই পেলাইছিল দিল্লী আৰক্ষীয়ে৷ ইয়াৰ মাজেৰেও যন্তৰ–মন্তৰত উপস্থিত হয় সংযুক্ত কিষাণ মর্চাৰ অন্তর্গত অজস্র কৃষক৷ এই বিষয়টোক প্রতিগৰাকী ভাৰতবাসীৰ ঘৰে ঘৰে লৈ যাবলৈ দেশজুৰি কার্যসূচী গ্রহণ কৰিছে তেওঁলোকে৷ ৰাষ্ট্রীয় লোকদল আৰু ভাৰতীয় কিষাণ ইউনিয়নে ৰেষ্টলাৰসকলৰ প্রতি সমর্থন আগবঢ়াই শীঘ্রে ব্রীজভূষণক গ্রেপ্তাৰৰ দাবী জনাইছে৷ তেওঁলোকে দিল্লী আৰক্ষীক এসপ্তাহৰ সময় দিছে৷ ইয়াৰ ভিতৰত বিজেপি সাংসদ ব্রীজভূষণক গ্রেপ্তাৰ নকৰিলে দিল্লী অচল কৰি তোলা হ’ব বুলি হুংকাৰ দিছে৷ আজি কৃষক প্রতিনিধিসকলে কেন্দ্রীয় ক্রীড়ামন্ত্রী, কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী আৰু দিল্লী আৰক্ষী আয়ুক্তকো সাক্ষাৎ কৰি বিজেপি সাংসদ ব্রীজভূষণক গ্রেপ্তাৰৰ দাবী জনায়৷