যিকোনো পৰিস্থিতিক লৈ সাজু থাকক সেনা
কাশ্মীৰৰ পৰিস্থিতি নিৰীক্ষণ কৰি সেনাৰ মুৰব্বী এমএম নাৰাৱানেৰ নির্দেশ
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ পাকিস্তানী সেনাই এল’চিত যুদ্ধবিৰতি উলংঘন অব্যাহত ৰখাৰ সময়তে ভাৰতীয় সেনাক সাজু হৈ থাকিবলৈ নির্দেশ দিছে সেনাৰ মুৰব্বী জেনেৰেল এম এন নাৰাৱানে৷ নতুনকৈ গঠিত জম্মু–কাশ্মীৰ কেন্দ্রীয়শাসিত অঞ্চলৰ পৰিস্থিতি নিৰীক্ষণ কৰি সেনাক সেনাৰ মুৰব্বী জেনেৰেল নাৰাৱানেই এই নির্দেশ দিয়াটোৱে তাৎপর্য বহন কৰিছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ পৰিস্থিতি দুদিন ধৰি সূক্ষ্ম নিৰীক্ষণ কৰাৰ অন্তত সেনাৰ মুৰব্বী জেনেৰেলে এই নির্দেশ দিয়াটোৱে তাৎপর্য বহন কৰিছে৷ কেন্দ্রীয়শাসিত অঞ্চলৰ এল’চিত থকা সেনাৰ শিবিৰসমূহ পৰিদর্শন কৰাৰ লগতে দায়িত্বত থকা সেনাৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকত পাকিস্তানী সেনাৰ দ্বাৰা যুদ্ধবিৰতি উলংঘনক গুৰুত্বসহকাৰে আলোচনা কৰি সেনাক সজাগ হৈ থাকিবলৈ নির্দেশ দিয়ে জেনেৰেল নাৰাৱানে৷ সেনাৰ মুৰব্বীগৰাকীয়ে এল’চি পৰিদর্শন কৰাৰ সময়ত তেওঁৰ লগত আছিল নর্ডার্ন আর্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৱাইকে যোশী আৰু চীনাৰ ক’ৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল কে জে এছ ধিলন৷ বৰফাবৃত অঞ্চলত কর্তব্যৰত সেনা জোৱানসকলৰ সৈতে বার্তালাপ কৰাৰ লগতে কঠিন পৰিস্থিতিৰ মাজতো সঠিক ৰূপত কর্তব্য পালন কৰি থকা সেনাসকলক উৎসাহিত কৰে সেনাৰ মুৰব্বীগৰাকীয়ে৷ বিভিন্ন বিষয়ত বিশেষকৈ পাকিস্তানী সেনাৰ চালচলনক লৈ তথ্য লাভ কৰাৰ পাছত সেনাৰ মুৰব্বীগৰাকীয়ে উল্লিখিত অঞ্চলসমূহত দায়িত্বত থকা সেনাবাহিনীৰ জোৱানসকলক সষ্টম হৈ থকাৰ লগতে যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দিয়ে৷ মন কৰিবলগীয়া যে ভাৰতীয় স্থল সেনাবাহিনীৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছত জেনেৰেল নাৰাৱানে প্রথম জম্মু–কাশ্মীৰ ভ্রমণ কৰিলে