নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকক বাসুসেনা: ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ চীনৰ সৈতে লাডাখ সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে আজি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনীক সাজু হৈ থাকিবলৈ আহ্বান জনায়৷ বায়ুসেনা বাহিনীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত বায়ুসেনা কমাণ্ডার্ছ অভিৱর্তনত অংশ লৈ কেন্দ্রীয় প্রতিৰক্ষামন্ত্রীয়ে লাডাখৰ পূব প্রান্তত সৃষ্টি হোৱা পৰিৱেশক প্রত্যাহ্বান জনাবলৈ বায়ুসেনা বাহিনীয়ে তাৎক্ষণিকভাৱে যুদ্ধাস্ত্র মোতায়েন কৰাক ভূয়সী প্রশংসা কৰে৷ তদুপৰি প্রতিৰক্ষামন্ত্রীগৰা কয় যে লাডাখ সীমান্তত ভাৰতীয় বায়ুসেনা বাহিনীয়ে প্রতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গ্রহণ কৰা পদক্ষেপে শত্রুপক্ষক শক্তিশালী বার্তা প্রেৰণ কৰিছে৷

বিগত কেইবামাহ ধৰি বায়ুসেনাই তেওঁলোকৰ অভিযানৰ সক্ষমতা প্রদর্শন কৰা বুলি উল্লেখ কৰি প্রতিৰক্ষামন্ত্রীগৰা কয় যে সশস্ত্র বাহিনীয়ে সার্বভৌমত্ব ৰক্ষাৰ ক্ষেত্রত তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাটো দেখুৱাই দিছে৷ দেশৰ সার্বভৌমত্ব সুৰক্ষাৰ ক্ষেত্রত সীমান্তত বীৰত্ব দেখুওৱা বায়ুসেনা বাহিনীয়ে মহামাৰী ক’ভিড–১৯ যুঁজত দেশবাসীক দিয়া সমর্থনৰ বাবে বাহিনীটোক ভূয়সী প্রশংসা কৰে প্রতিৰক্ষামন্ত্রীগৰা৷ ইপিনে, এই অভিৱর্তন সম্বোধন কৰি বায়ুসেনা বাহিনীয়ে মার্ছাল আৰ কে ভাদুৰীয়াই এই কথা নিশ্চিত কৰি দিয়ে যে কৌশলগত ভাবুকিৰ লগতে তাৎক্ষণিক আক্রমণক প্রত্যাক্রমণৰ বাবে বায়ুসেনা বাহিনী সম্পূর্ণ সাজু হৈ আছে৷ প্রতিপক্ষৰ যিকোনো আগ্রাসী কার্যক অতি কম সময়ৰ ভিতৰত প্রত্যাহ্বান জনাবলৈ বায়ুসেনা সষ্টম হৈ আছে বুলি কয় এয়াৰ চীফ মার্ছালগৰাকীয়ে৷ তিনি দিন ধৰি চলিবলগীয়া এই অভিৱর্তনত বায়ুসেনাৰ কমাণ্ডাৰসকলে সাম্প্রতিক পৰিস্থিতিক লৈ পর্যালোচনা কৰাৰ লগতে সমৰসজ্জা সন্দর্ভতো আলোচনা কৰিব৷

You might also like