নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সুফলঃ ক’ৰোনাই লোৱা নাই সামাজিক সংক্ৰমণৰ ৰূপ

ভাৰতত ক'ৰোনা এতিয়াও ষ্টেজ-২ ত

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ চীনৰ হুবেই প্ৰদেশৰ য়ুহানত প্ৰাদুৰ্ভাৱ ঘটা নবেল কৰোনা ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ কাৰক হৈ পৰিছে। নিতৌ হাজাৰ হাজাৰ দেহলৈ এই মহামাৰী সংক্ৰমিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে অসংখ্যজনৰ। ভাৰততো দ্ৰুতগতিত প্ৰাণঘাতী নভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক ব্যৱধান বজাই ৰখাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্য়ে ঘোষণা কৰিছে ২১ দিনীয়া লকডাউন। মুঠৰ ওপৰত দেশৰ ওপৰত সৰ্বত্ৰ সম্প্ৰতিক কোভিদ-১৯ৰ আতংক। ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কৰা ঘোষণা অনুসৰি জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো নভেল ক’ৰোনা ভাইৰাছ ভাৰতত এতিয়াও ষ্টেজ-২ বা স্থানীয় সংক্ৰমণ পৰ্যায়তে আছে। উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য
মন্ত্ৰালয়ে শেহতীয়াকৈ নতুন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰছিডিয়াৰ (এছ অ পি) প্ৰকাশ কৰিছে। এই এছ অ পি খনতে দেশত নভেল ক’ৰোনা ভাইৰাছৰ বৰ্তমানৰ সংক্ৰমণৰ পৰ্যায়টোক স্থানীয় সংক্ৰমণ আৰু সীমিত সামাজিক সংক্ৰমণ হিচাপে আখ্য়া দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা অতি স্পষ্টভাৱে কোৱা হৈছে যে এতিয়াই আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। খুব কমসংখ্যক মানুহে সামাজিক সংক্ৰমণত নভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কোভিড ১৯ সংক্ৰমণত চাৰিটা পৰ্যায় থাকে। প্ৰথম পৰ্যায়ত প্ৰাণঘাতী ভাইৰাছটোৰ সংক্ৰমণ হয় বিদেশৰ পৰা। দ্বিতীয় পৰ্যায়ত বিদেশ ভ্ৰমণকাৰী লোকৰ জৰিয়তে এই ভাইৰাছ স্থানীয় ব্যক্তিৰ দেহলৈ সংক্ৰমিত হ’ব পাৰে। তৃতীয় পৰ্যায়টো হ’ল সামাজিক সংক্ৰমণ। আটাইতকৈ মাৰাত্মক হৈছে চতুৰ্থ পৰ্যায়টো। এই পৰ্যায়ত নভেল কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰে।কিন্তু ভাৰতত আক্ৰান্ত প্ৰত্যেকৰে ক্ষেত্ৰত মাৰাত্মক ভাইৰাছ বিধৰ উৎস জানিব পৰা গৈছে অথবা অনুমান কৰা সম্ভৱ হৈছে। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা কোভিড ১৯ বৰ্তমানেও দেশত ষ্টেজ ২ বা দ্বিতীয় পৰ্যায়তে আবদ্ধ হৈ থকা বুলি এছ অ পিত দাবী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। এই প্ৰসংগত এছ পিত পুনৰ কোৱা হৈছে যে যেতিয়াই নভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ উৎস জনাটো সম্ভৱ নহব তেতিয়াই ই তৃতীয় পৰ্যায় বা সামাজিক সংক্ৰমণৰ ৰূপ ধাৰণ কৰিব। মন কৰিবলগীয়া যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ ৰ শীৰ্ষ বিষয়া লভ আগৰৱালায়ো কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুৰূপ দাবী কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ভাৰতত নভেল ক’ৰোনা ভাইৰাছৰ বৰ্তমান সামাজিক সংক্ৰমণ হোৱা বুলি আমি কব নোৱাৰো। বৰ্তমানপৰ্যন্ত এই ক্ষেত্ৰত আমি স্থানীয় সংক্ৰমণ পৰ্যায়তে আছোঁ। যদিহে আমি এই ক্ষেত্ৰত সামাজিক শব্দটো ব্যৱহাৰ কৰো তেন্তে সেয়া জল্পানা-কল্পনা কৰাহে হব। ইফালে ভাৰতত মৃতকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পালে । এই মহামাৰীৰ সংক্ৰমণ দেশৰ প্ৰায়কেইখন ৰাজ্যতে বিয়পি পৰাৰ পাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়া তথ্যমতে এই ৰোগত ১৩৭১ জন লোক আক্ৰান্ত হৈছে। অৱশ্যে ইয়াৰে ১৩৭ জন লোক আৰোগ্য লাভ কৰিছে।

You might also like