লকডাউন শেষ বুলি নিজ গৃহৰাজ্যলৈ উভতিবলৈ মুম্বাইৰ বাণ্ড্ৰাত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিৰ
নিয়মীয়া বাৰ্তা ১৪ এপ্ৰিলঃ দেশত লকডাউন পুনৰ অহা ৩ মে’ লৈকে বৃদ্ধি কৰা হ’ল। কিন্তু তাৰ মাজতে মুম্বাইত এক অনাকাংশিত ঘটনা দেখা পোৱা গ’ল। আজি মুম্বাইৰ বাণ্ড্ৰা ৰে’ল ষ্টেচনত হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে ভিৰ কৰে। এই প্ৰব্ৰজনকাৰী শ্ৰমিক সকলে আজি লকডাউন অন্ত পৰা বুলি ভাবি নিজ গৃহ ৰাজলৈ উভতি যোৱাৰ বাবে এনেদৰে বাণ্ড্ৰা ৰে’ল ষ্টেচনত ভিৰ কৰে। যাৰ পৰিপেক্ষিতত আৰক্ষীয়ে এই সকল লোকক নিজ ঘৰলৈ ওভতাই পঠাবলৈ লাঠিচালনা কৰিবলৈ বাধ্য হয়।