নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউন বৃদ্ধিৰ দাবী তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা,৭ এপ্ৰিলঃ লক ডাউন উঠাই ল’লে জনতাক নিয়ন্ত্ৰণ কঠিন হ’ব। ভাৰতত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ অৱস্থাত লক ডাউনৰ সময় বৃদ্ধিৰ পোষকতা কৰি এই মন্তব্য কৰিছে তেলংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে। তেওঁ আজি কয় যে দেশত লক ডাউন বৃদ্ধি কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাব। উল্লেখ্য যে যোৱা ২৫ মাৰ্চৰ পৰা ১৪ এপ্ৰিললৈ ভাৰতজুৰি লকডাউন ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু লক ডাউনৰ ১২দিন অতিক্ৰম কৰাৰ পিছতো দেশত ক্ৰমাগতভাৱে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাবই লাগিছে। তেলেংগানাতো শেহতীয়া তথ্য মতে ৩৬৪জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১১জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত মুখ্যমন্ত্ৰীজনে কয় যে আমি দেশৰ অৰ্থনীতি পলমকৈ হ’লেও উদ্ধাৰ কৰিব পাৰিম। কিন্তু লক ডাউন উঠাই ল’লে যিকল লোকৰ মৃত্যু হ’ব তেওঁলোকৰ জীৱন আমি ঘূৰাই আনিব নোৱাৰিম। লক ডাউন শিথিল কৰিলে দেশৰ জনতাক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিব। তেওঁ আৰু কয় যে সম্প্ৰতি ক’ভিড-১৯ সংক্ৰমণৰ পৰা উদ্ধাৰ পাবলৈ যি প্ৰচেষ্টা অব্যাহত ৰখা হৈছে লক ডাউন উঠাই দিলে সেয়া পণ্ড শ্ৰমত পৰিণত হ’ব।

You might also like