শতিকাৰ ভয়াৱহ স্বাস্থ্য সংকট আখ্যা মেক্র’নৰ
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লোৱাৰ লগে লগে এক অভাৱনীয় পৰিস্থিতি সৃষ্টি হৈছে৷ দেশে দেশে বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়, প্রেক্ষাগৃহ তথা বাণিজ্যিক প্রতিষ্ঠানসমূহ৷ শেহতীয়াকৈ ইউৰোপীয় দেশ ফ্রান্সেও ঘোষণা কৰিছে সকলো ধৰণৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ বন্ধ৷ দেশখনৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নে ক’ৰোনাৰ এই সংক্রমণক শতিকাৰ আটাইতকৈ ভয়াৱহ স্বাস্থ্য সংকট আখ্যা দিছে৷ ইফালে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৱে ১৪ দিনৰ বাবে পত্নীৰ সৈতে আছুতীয়াকৈ থাকিবলৈ লৈছে৷ পত্নী ছ’ফি ক’ৰোনাৰ দ্বাৰা সংক্রমিত হোৱাৰ পাছতে প্রধানমন্ত্রীগৰাকীয়্ এই সিদ্ধান্ত লৈছে৷ ইফালে অষ্ট্রেলিয়াৰ গৃহমন্ত্রী পীটাৰ ডুট্টনক ভর্তি কৰোৱা হৈছে হাস্পতালত৷ লক্ষণীয়ভাৱে বিশ্বৰ ৮০খনতকৈ অধিক দেশত এতিয়া বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান৷