শস্য অনিষ্টকাৰী পতংগৰে যুঁজ, পাকলৈ চীনে পঠিয়াব এক লাখ হাঁহ
নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ পাকিস্তানত সন্ত্রাসৰ সৃষ্টি কৰা শস্য অনিষ্টকাৰী পতংগ নিধনৰ বাবে এক লাখ হাঁহৰ সেনা দেশখনলৈ পঠিয়াব চীনে৷ বিগত ২০ বছৰৰ ভিতৰত সবাতোকৈ ভয়াৱহ শস্য অনিষ্টকাৰী পোক–পতংগৰ বাবে হাহাকাৰৰ সন্মুখীন হোৱা পাকিস্তানক বিশ্বস্ত সহযোগী ৰাষ্ট্র চীনে সহায়ৰ হাত আগবঢ়াই এক লাখ হাঁহ সেনা পঠিওৱাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি দেশখনৰ স্থানীয় সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ মন কৰিবলগীয়া যে বিগত দুটা দশকৰ পূর্বে চীনৰ জিনঝিয়াং অঞ্চলত পোক–পতংগই শস্যৰ অভাৱনীয় অনিষ্ট সাধন কৰাৰ পিছত হাঁহ সেনাৰ দ্বাৰা প্রতিহত কৰিবলৈ সক্ষম হৈছিল৷ সেই সফলতাৰ আধাৰতেই চীনে পাকিস্তানক হাঁহ সেনাৰ দ্বাৰা সহায় কৰাৰ প্রতিশ্রুতি দিছে৷ উল্লেখ্য যে তথ্য মতে এজনী হাঁহে প্রতিদিনে ২০০তকৈ অধিক পতংগ খোৱাৰ সক্ষমতা আছে৷ ইয়াৰ বিপৰীতে এজনী মুর্গীয়ে মাত্র ৭০টাহে পোক–পতংগ ভক্ষণ কৰিব পাৰে৷ হাঁহৰ ভক্ষণৰ ক্ষমতা মুর্গীতকৈ তিনি গুণ বেছি৷ চীনৰ এই হাঁহ সেনাক লৈ বিশ্বজুৰি ব্যাপক চর্চা আৰম্ভ হৈছে৷