নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক হোষ্টেল খালী কৰিবলৈ নির্দেশ জামিয়া–মিলিয়া বিশ্ববিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা, ৩ মে’ : লকডাউনৰ বাবে আবদ্ধ হৈ থকা শিক্ষার্থীসকলক হোষ্টেল খালী কৰিবলৈ নির্দেশ দিছে জামিয়া–মিলিয়া–ইছলামীয় বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই ৷ শুকুৰবাৰে গৃহ মন্ত্রালয়ে দেশজুৰি লকডাউনৰ ফলত আবদ্ধ হৈ থকাসকলৰ বাবে বিশেষ ৰে’ল চলাব বুলি ঘোষণা কৰাৰ পিছতেই বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই শিক্ষার্থীসকলক হোষ্টেলৰ কোঠা খালী কৰি দি নিজ নিজ গৃহলৈ উভতি যাবলৈ নির্দেশ দিছে ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত লকডাউন চলি থকাৰ বাবে শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ৰখা হৈছে ৷ আগষ্ট মাহৰ পৰা নিয়মীয়া শিক্ষার্থীৰ বাবে শৈক্ষিক প্রতিষ্ঠানসমূহ পুনৰ খোলা হ’ব ৷ তদুপৰি নতুন শৈক্ষিক বর্ষ ছেপ্টেম্বৰত আৰম্ভ হ’ব৷ এনে পৰিপ্রেক্ষিততেই হোষ্টেলত থকা শিক্ষার্থীসকলক কোঠা খালী কৰি নিজ ঘৰলৈ যাবলৈ নির্দেশ দিয়া হৈছে ৷ আনপিনে বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রকাশ কৰা মতে, জুলাই ২০২০ত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব ৷ অনলাইনযোগে পৰীক্ষাৰ সকলো তথ্য আৰু সামগ্রী শিক্ষার্থীসকলে লাভ কৰিব বুলিও বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই জাননীযোগে জনাইছে৷ উল্লেখ্য যে এই অঞ্চলটি ক’ভিড–১৯ৰ হটস্পট হিচাপে ঘোষিতে হৈ আছে ৷

You might also like