নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাহিন বাগৰ প্রতিবাদঃ প্রতিবাদ জনতাৰ মৌলিক অধিকাৰ কিন্তু ৰাজহুৱা পথ অৱৰোধ উদ্বিগ্ণতাৰ বিষয

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ শ্বাহিন বাগত দুমাহতকৈও অধিক দিন পথ অৱৰোধেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহু লোকে প্রতিবাদ কৰি থকা বিষয়টো এতিয়া ন্যায়ালয়ৰ মজিয়াত৷ প্রতিবাদকাৰীসকলে ৰাস্তা আবদ্ধ কৰা বিষয়ত শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে কালি কয় যে প্রতিবাদ কৰাটো জনতাৰ মৌলিক অধিকাৰ, কিন্তু ৰাজহুৱা পথ অৱৰোধ কৰাটো উদ্বিগ্ণতাৰ বিষয়৷ ইয়াক লৈ ভাৰসাম্য বর্তাই ৰখা উচিত৷ শ্বাহিন বাগৰ প্রতিবাদ সমাপ্ত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে তিনিজনীয়া মধ্যস্থতাকাৰীক নিয়োগ কৰিছে৷ এই তিনিজনীয়া দলত আছে জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে, অধিবক্তা সাধনা ৰামচন্দ্রন আৰু প্রাক্তন মুখ্য তথ্য আয়ুক্ত ৱাজাহাট হাবিবুল্লাহ৷ এই গোচৰ সন্দর্ভত পৰৱর্তী শুনানি অহা সোমবাৰে সম্পন্ন হ’ব৷

You might also like