শ্বাহীনবাগত পথ অৱৰোধৰ অধিকাৰ নাই প্রতিবাদকাৰীৰ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ সংশোধিত নাগৰিকত্ব আইন (কা) আৰু প্রস্তাৱিত এনআৰচিবিৰোধী প্রতিবাদৰ অভিকেন্দ্র হিচাপে চিহ্ণিত হৈ পৰা দেশৰ ৰাষ্ট্রীয় ৰাজধানী দিল্লীৰ শ্বাহীনবাগ সন্দর্ভত সোমবাৰে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷ শ্বাহীনবাগৰ প্রতিবাদস্থলীত এটি চাৰিমহীয়া শিশুৰ তীব্র জাৰত মৃত্যু হোৱা বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ে তীব্র বিষোদগাৰ প্রকাশ কৰিছে৷ দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে নেতৃত্বাধীন বিচাৰপীঠে এনেধৰণৰ প্রতিবাদত চাৰিমহীয়া শিশুৱে অংশগ্রহণ কৰিব পাৰে নেকি বুলি মহিলা অধিবক্তাসকলক প্রশ্ন কৰে৷ লক্ষণীয়ভাৱে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই চাৰিমহীয়া শিশুৱে কোনো আন্দোলনত অংশগ্রহণ কৰাটো উচিত নহয় বুলি যুক্তি দর্শায়৷ লক্ষণীয়ভাৱে দুগৰাকী মহিলা অধিবক্তাই শ্বাহীনবাগত প্রতিবাদ কৰা শিশুসকলক পাকিস্তানী তথা ৰাষ্ট্রবিৰোধী বুলি বিদ্যালয়ত অভিহিত কৰা বিষয়টোক লৈ যুক্তি–তর্ক আগবঢ়াইছিল শীর্ষ আদালতখনত৷ স্মর্তব্য যে শ্বাহীনবাগত শিশু মৃত্যুৰ বিষয়টোক লৈ শীর্ষ আদালতখনত আবেদন দাখিল কৰিছিল মুম্বাইৰ সপ্তম শ্রেণীৰ শিক্ষার্থী সদাভার্টেই৷ ২০১৯ত ভাৰতীয় শিশু কল্যাণ পৰিষদে (আই চি চি ডব্লিউ) আগবঢ়োৱা ৰাষ্ট্রীয় সাহসিকতা বঁটা লাভ কৰিছিল সদাভার্টেই৷ একে সময়তে শীর্ষ আদালতখনে মন্তব্য কৰিছে যে প্রতিবাদকাৰীয়ে শ্বাহীনবাগত ৰাজহুৱা পথ কেতিয়াও বন্ধ কৰিব নোৱাৰে৷ লক্ষণীয়ভাৱে বিষয়টো সন্দর্ভত ১৭ ফেব্রুৱাৰীত পুনৰ শুনানি গ্রহণ কৰিব শীর্ষ আদালতখনে৷ ৰাজহুৱা পথ অৱৰোধ কৰি আন লোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰাৰ অধিকাৰ প্রতিবাদকাৰীৰ নাই বুলি মুখ্য ন্যায়াধীশ ব’বডে নেতৃত্বাধীন বিচাৰপীঠখনে মন্তব্য কৰাৰ পাছতে শ্বাহীনবাগৰ প্রতিবাদকাৰীৰ বাবে এয়া এক আইনী প্রত্যাহ্বান হিচাপে চিহ্ণিত হৈছে৷ অৱশ্যে উভয় পক্ষৰ আবেদনৰ শুনানি গ্রহণ কৰাৰ পাছতহে শীর্ষ আদালতখনে নির্দেশনা জাৰি কৰিব৷