নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিনা বৰা হত্যা গোচৰঃ হত্যাৰ ৬ মাহৰ পিছতো জীয়াই আছিল শ্বিনা বৰা !

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দেশ কঁপাই যোৱা শ্বিনা বৰা হত্যা গোচৰৰ অভিযুক্ত তথা মাতৃ ইন্দ্রাণী মুখার্জীয়ে বুধবাৰে মুম্বাইৰ এখন আদালতত চাঞ্চল্যকৰ মন্তব্য কৰি কয় যে ২০১২ চনৰ এপ্রিলত শ্বিনা বৰাক হত্যা কৰাৰ পিছত ৬ মাহলৈকে তেওঁৰ কন্যা জীয়াই আছিল৷

মঙলবাৰে চি বি আইৰ এখন বিশেষ আদালতত পঞ্চমবাৰৰ বাবে ইন্দ্রাণী মুখার্জীৰ জামিনৰ আবেদন গ্রহণ কৰা হৈছিল৷ তেতিয়াই ইন্দ্রাণী মুখার্জীয়ে কয় যে তেওঁৰ কন্যা শ্বিনাক হত্যা কৰা বুলি ভবা হ’লেও শ্বিনা আৰু ৰাহুল মুখার্জীয়ে ২০১২ চনৰ ছেপ্টেম্বৰলৈকে কথা–বতৰা পাতি আছিল৷ আজি শুনানিত ইন্দ্রাণীয়ে আদালতৰ মজিয়াত ৰাহুল মুখার্জীৰ কল ৰেকর্ড প্রদান কৰি কয় যে দুয়ো ২০১২ চনৰ ২৭ ছেপ্টেম্বৰলৈকে টেক্সট মেছেজত কথা পাতি আছিল৷ ইন্দ্রাণীয়ে আদালতত এই কথা–বতৰাৰ টেক্সটখিনি পঢ়ি শুনায়৷ সেই মতে ৰাহুলে লিখিছিল– ‘বাবা আই এম ইন দ্য কাৰ পার্ক, কাম না৷’ শ্বিনা বৰাই তাৰ উত্তৰত কৈছিল– ‘৫ মিনিট বাবছ৷’ তাৰ পিছত ৰাহুল মুখার্জীৰ মেছেজ আছিল– ‘চলো জলদী৷’ জামিন আবেদনৰ শুনানিৰ সময়ত ইন্দ্রাণী মুখার্জীয়ে কয় যে তেওঁক কোনোবাই ইচ্ছাকৃতভাৱে অভিযুক্ত কৰিবলৈ চেষ্টা কৰিছে৷ ‘মই নির্দোষী’ বুলিও ইন্দ্রাণীয়ে মন্তব্য কৰে৷ ইন্দ্রাণীয়ে আৰু কয় যে ২০১৫ চনত তেওঁক গ্রেপ্তাৰ কৰাৰ কিছু সময়ৰ পিছতে পিটাৰ মুখার্জীয়ে নিজৰ পুত্র ৰাহুল আৰু ৰবীনৰ একাউণ্টলৈ ৬ কোটি টকা টেন্সফাৰ কৰিছিল৷ আদালতত ইন্দ্রাণী মুখার্জীয়ে কয় যে ২০১২ চনত শ্বিনা বৰাৰ হত্যাৰ পিছত তেওঁক গ্রেপ্তাৰ নকৰালৈকে অর্থাৎ ২০১৫ চনলৈকে ১৯ বাৰ বিদেশলৈ গৈছিল৷ তেওঁ নিজ কন্যাক হত্যা কৰা হ’লে ভাৰতলৈ উভতিয়েই নাহিলহেঁতেন৷ উল্লেখ্য যে শ্বিনা বৰাৰ হত্যাৰ অন্যতম অভিযুক্ত পিটাৰ মুখার্জীয়ে যোৱা ৬ ফেব্রুৱাৰীত ব’ম্বে হাইক’টৰ পৰা জামিন লাভ কৰিছে৷

You might also like