নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামা প্রসাদ মুখার্জীৰ নামেৰে নামাকৰণ হ’ল কলকাতা প’ৰ্ট ট্রাষ্ট

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কলকাতা প’ৰ্ট ট্রাষ্টৰ নাম শ্যামা প্রসাদ মুখাৰ্জীৰ নামেৰে নামাকৰণ কৰা হ’ব । দেওবাৰে এই ঘোষণা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ।

কলকাতা প’ৰ্ট ট্রাষ্টৰ ১৫০ বছৰীয়া বার্ষিকী উদ্বোধন অনুষ্ঠানৰ এক জনসভাত তেওঁ কয় যে- “মই কলকাতা প’ৰ্ট ট্রাষ্টৰ নাম ড০ শ্যামা প্রসাদ মুখার্জী বন্দৰ কৰাৰ ঘোষণা কৰিছো। কাৰণ তেওঁ এজন জীৱন্ত কিংবদন্তি নেতা আছিল যোনে এক দেশ, এক সংবিধান ধাৰণাক লৈ সকলোতকৈ আগত মত পোষণ কৰিছিল।”


প্রধানমন্ত্রী লগতে কয় যে- ভাৰতীয় জন সংঘৰ প্রতিষ্ঠাতাগৰাকীয়ে ভাৰতত উদ্যোগীকৰণৰ বাবে প্রস্তাৱ লৈছিল। “চিত্তৰঞ্জন লোকোমোটিভ কাৰখানা, হিন্দুস্তান এয়াৰক্রাফ্ট ফেক্টৰি, দামোদৰ ভেলি কর্পৰেছন আৰু অন্যান্য সকলো কামতে আগৰণোৱা আছিল ।

এই বন্দৰটো ভাৰতৰ শিল্প, আধ্যাত্মিক আৰু স্বনির্ভৰতা আকাংক্ষাৰ প্রতিনিধিত্ব কৰে । ইপিনে বন্দৰটোৱে ১৫০ বৰ্ষপূৰ্তি উদযাপন কৰাৰ সমান্তৰালকৈ আমাৰো কৰণীয় এয়ে যে ইয়াক আমি নতুন ভাৰতৰ এটা শক্তিশালী প্রতীক হিচাবে গঢ়ি তুলিব লাগিব ।-ভাষণপ্ৰসংগত এনেদৰে মোদীয়ে কয় ।

You might also like