নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেণীকোঠাত শিক্ষকক প্রহাৰ ছাত্রৰ: কর্ণাটকৰ ঘটনাক লৈ চাঞ্চল্য

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: কর্ণাটকৰ ডাৱানাগেৰেৰ এখন হাইস্কুলত কেইজনমান ছাত্রই এগৰাকী শিক্ষকক প্রহাৰ কৰি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি হোৱাৰ লগে লগে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে পাঠদান চলি থকা সময়তে এদল ছাত্রই শিক্ষকজনক অশালীন ব্যৱহাৰ কৰাৰ উপৰি শাৰীৰিকভাৱে অপদস্থ কৰিছে৷ এই ঘটনাৰ পিছতে কর্ণাটক চৰকাৰে অভিযুক্ত ছাত্রকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে আৰক্ষীক৷ ডাৱানাগেৰেৰ নালুৰ হাইস্কুলৰ ঘটনা এয়া৷ স্কুলখনৰ হিন্দী শিক্ষক এগৰাকীক এনেদৰে শিক্ষার্থীয়ে আতিশয্য চলোৱা বুলি আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে৷

স্মর্তব্য যে শিক্ষকগৰাকীৰ মূৰত ডাষ্টবিন এটা নিক্ষেপ কৰাৰ দৃশ্য পোহৰলৈ আহিছে৷ এই ঘটনাৰ পাছতে কর্ণাটকৰ শিক্ষা বিভাগে আৰক্ষীক সমগ্র বিষয়টো তদন্ত কৰিবলৈ নির্দেশ দিয়াৰ লগতে তাৎক্ষণিকভাৱে অভিযুক্ত শিক্ষার্থীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ বিভিন্ন সময়ত বিদ্যালয়ত শিক্ষকে ছাত্রক প্রহাৰ কৰা ঘটনাক লৈ দেশৰ সংবাদ মাধ্যমত চর্চা চলি আহিছে৷ এইবাৰ ছাত্রই শিক্ষকক এনেদৰে প্রহাৰ কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like