নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰণার্থীৰ পৰা স্নাতকোত্তৰলৈ জীৱন পৰিক্রমা ছামিয়াৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ ৰক্তক্ষয়ী গৃহযুদ্ধৰ সময়ত আফগানিস্তানৰ পৰা গৈ পাকিস্তানৰ পেছোৱাৰত শৰণার্থীৰ জীৱন কটাবলগীয়া হৈছিল ছামিয়া ট’ৰা নামৰ কিশোৰীজনীয়ে৷ আনকি পেছোৱাৰতো ১৯৯০ৰ দশকটোত সঘনে বোমা আক্রমণৰ সন্মুখীন হ’বলগীয়া হৈছিল ছামিয়াৰ পৰিয়াল৷ জীৱন এক অনিশ্চিত অন্ধকাৰত নিমজ্জিত হৈ পৰিছিল৷ ছামিয়া আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে প্রতিটো ক্ষণতে মৃত্যুৰ আশংকাত ভুগিবলগীয়া হৈছিল৷ সেই ছামিয়াই ২০০২ চনত পুনৰ কাবুললৈ গৈ বিদ্যালয়ত অধ্যয়ন কৰিবলৈ লয়৷ শেহতীয়াকৈ ২২ বছৰীয়া ছামিয়াই ৰোডেছ স্ক’লাৰ হিচাপে বিশ্বৰ আটাইতকৈ প্রাচীন স্নাতকোত্তৰ শিক্ষাৰ জলপানি লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ ইণ্ডিয়ানা প্রদেশৰ আর্লহাম কলেজৰ ছাত্রী ছামিয়াই ১০২গৰাকী শিক্ষার্থীৰ ভিতৰত এই জলপানি লাভ কৰাৰ পিছতে শৰণার্থীৰ পৰা স্নাতকোত্তৰ ডিগ্রীলৈ যুৱতীগৰাকীৰ সংগ্রামী জীৱন পৰিক্রমা চর্চাৰ বিষয় হৈ পৰিছে সমগ্র বিশ্বত৷

You might also like