নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা আৰু সমর্থনৰ নামত দিল্লীত চলি থকা সাম্প্রদায়িক সংঘর্ষ আৰু অসহিষ্ণুতাৰ মাজতে হিন্দু–মুছলমানৰ ভাতৃত্ববোধৰ এক নিদর্শন দাঙি ধৰিলে কেইজনমান হিন্দু যুৱকে৷ সংঘর্ষজর্জৰ ভাজনাপুৰা চ’কত সন্তানসহ এজন মুছলমান ব্যক্তিয়ে দিশ হেৰুৱাই অসহায় অৱস্থাত পৰাৰ সময়তে কেইজনমান হিন্দু যুৱকে সহায়ৰ হাত আগবঢ়াই নিৰাপদে নিজৰ ঘৰত থৈ আহেগৈ৷ কৃতজ্ঞতা জ্ঞাপন কৰি মুছলমান ব্যক্তিজনে কয় যে ভাজনাপুৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত মই পথ হেৰুৱাইছিলোঁ৷ ৫০জন মান যুৱকে মোক আৰু সন্তানক কোনো সমস্যাৰ সৃষ্টি নোহোৱাকৈ সন্মানসহকাৰে ঘৰত থৈ আহেগৈ৷ এই সহায়কাৰী যুৱকসকলৰ মাজৰ এজন ব্যক্তি অংকিত শর্মাই কয় যে মই এটা কথাই ক’ব বিচাৰোঁ, আমি হিন্দু বা মুছলমান নহয়, আমি প্রথমতে একোজন ভাৰতীয়৷