নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবিধানৰ পৰা ‘ইণ্ডিয়া’ আঁতৰ কৰিব নোৱাৰি

নিয়মীয়া বাৰ্তা, ৪ জুন: ইণ্ডিয়া’ দাসত্ব মানসিকতাৰ প্রতীক বুলি অভিযোগ কৰি দেশখনৰ নাম কেৱল ভাৰত অথবা হিন্দুস্তান হিচাপে ৰখাৰ এখন আবেদন বুধবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে৷

দিল্লীস্থিত নমহা নামৰ এজন ব্যৱসায়ীয়ে ইণ্ডিয়া শব্দটিক আঁতৰ কৰি দেশখনৰ নাম কেৱল ভাৰত অথবা হিন্দুস্তান কৰিব লাগে বুলি দাবী জনোৱা আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গ্রহণ কৰি এই আবেদনখন নাকচ কৰে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেই কয়– আমি সেইটো কৰিব নোৱাৰোঁ৷ কিয়নো ইণ্ডিয়াক ইতিমধ্যে ভাৰত বুলি সংবিধানত উল্লেখ কৰা আছে৷ অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে আবেদনকাৰীক এইবুলিও স্পষ্ট কৰি দিয়ে যে কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত সিদ্ধান্ত ল’ব পাৰে৷

উল্লেখ্য যে আবেদনকাৰীয়ে সংবিধানৰ অনুচ্ছেদ–১ সংশোধন কৰি ইণ্ডিয়া শব্দটি আঁতৰ কৰি কেৱল ভাৰত ৰাখিব লাগে বুলি আবেদন জনাইছিল৷ তদুপৰি আবেদনত উল্লেখ কৰা মতে, ইণ্ডিয়া শব্দটি দেশীয় নহয়, ই গ্রীক ভাষাৰ ‘ইণ্ডিকা’ৰ পৰা আহিছে৷ তদুপৰি ‘ইণ্ডিয়া’ক কেৱল ভাৰত হিচাপে ৰাখিলে স্বাধীনতা সংগ্রামীসকলৰ প্রতি ন্যায় কৰা হ’ব বুলিও আবেদনখনত উল্লেখ কৰা আছে৷

আবেদনকাৰীয়ে ১৯৪৮ চনত সংসদৰ অধিৱেশনত সংবিধানৰ খচৰাৰ অনুচ্ছেদ–১ক লৈ তীব্র বিতর্কৰ প্রসংগ উল্লেখ কৰি সেই সময়তে দেশৰ নাম ভাৰত অথবা হিন্দুস্তান কৰাৰ চর্চা চলা বুলিও উল্লেখ কৰিছে৷

মন কৰিবলগীয়া যে ২০১৬ চনতো এনে আবেদন এখন সর্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল৷

You might also like