- চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ তথ্য
- ২০১৭ চনৰ পৰা ২০২২ চনলৈকে ৪০ শতাংশলৈ নিম্নগামী কর্মশক্তিৰ অংশগ্রহণ
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ দেশত সংস্থাপন সৃষ্টিত ভয়াৱহ সমস্যা হৈছে৷ আনকি এই সংস্থাপন সৃষ্টিৰ বিষয়টোৱে দেশৰ জনগণলৈ ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে৷ পৰিণতিত ৯০ কোটি জনসংখ্যা তথা কর্মশক্তিৰ অধিকাংশই সংস্থাপন বিচাৰিবলৈ গা এৰা দিছে৷ এই বিস্ফোৰক তথ্য আগবঢ়াইছে মুম্বাইস্থিত ব্যক্তিগত গৱেষণা কোম্পানী চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী, চমুকৈ চি এম আই ইয়ে৷
চি এম আই ইয়ে প্রকাশ কৰা মতে, দেশৰ কর্মশক্তি হিচাপে চিহ্ণিত ৯০ কোটি জনসংখ্যাৰ অধিকাংশই এতিয়া সংস্থাপন বিচাৰিবলৈ বাদ দিছে৷ সংস্থাপন সৃষ্টি কৰিব নোৱাৰা পৰিস্থিতি এটাৰ সন্মুখীন হোৱা বাবে সংস্থাপনক লৈ অনিহা আহি পৰিছে অধিকাংশৰ৷ তথ্য মতে, এই সংস্থাপন বিচৰাৰ অনিহাৰ ক্ষেত্রত মহিলা আগস্থানত আছে৷ দ্রুত বিকশিত অর্থনীতিৰ দেশ ভাৰতত যুৱ কর্মশক্তিৰ বাবে প্রত্যাহ্বান হিচাপে থিয় দিছে৷ কিয়নো সংস্থাপন সৃষ্টি কৰিব নোৱাৰা বাবেই যুৱ কর্মশক্তি হতাশাত ভুগিছে৷ দেশত কর্মস্থানত অংশগ্রহণ কৰা লোকৰ সংখ্যা ২০১৭ চনৰ পৰা ২০২২ চনৰ মাজত ভয়াৱহ হাৰত নিম্নগামী হৈছে৷
তথ্য মতে, ৪৬ শতাংশৰ পৰা ৪০ শতাংশলৈ কর্মস্থানত নিয়োজিত লোকৰ সংখ্যা নিম্নগামী হৈছে৷ গুৰুত্বপূর্ণ যে দেশত কর্মশক্তিৰ পৰা প্রায় ২১ নিযুত সংস্থাপন বিলুপ্ত হৈছে৷ সম্প্রতি জনসংখ্যাৰ মাত্র উপযুক্ত হৈ উঠা ৯ শতাংশইহে সংস্থাপন বিচৰাৰ আগ্রহ প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে ভাৰতত ৯০ কোটি লোকৰ আইনগতভাৱে কাম কৰাৰ উপযুক্ত হৈ উঠা লোকৰ সংখ্যা আমেৰিকা যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ সন্মিলিত জনসংখ্যাৰ সমান আৰু এইসংখ্যক লোকেই এতিয়া সংস্থাপনৰ প্রতি গা এৰা দিছে৷ ভাৰতৰ বাবে সংস্থাপন সৃষ্টি কৰাটো তীব্র প্রত্যাহ্বানমূলক হৈ উঠিছে৷ দেশখনৰ মুঠ জনসংখ্যাৰ দুই–তৃতীয়াংশ হৈছে ১৫ৰ পৰা ৬৪ বছৰৰ ভিতৰত৷ এনে কাৰণত সংস্থাপন সৃষ্টিৰ তাগিদা বৃদ্ধি পাইছে৷ দেশৰ এই অৱস্থাৰ প্রতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত অতি কমেও ৯০ নিযুত সংস্থাপন সৃষ্টিৰ প্রয়োজনীয়তা আহি পৰিছে৷ ইয়াৰ বাবে প্রয়োজন হ’ব বার্ষিক জি ডি পিৰ বিকাশ ৮ শতাংশৰ পৰা ৮.৫ শতাংশ৷