নিয়মীয়া বাৰ্তা, ২ মে: এইখন হৈছে ৰামায়ণ–মহাভাৰতৰ্ দেশ৷ ৰামায়ণত ভগৱান ৰামৰ পত্নীয়ো সতীত্বৰ প্রমাণৰ বাবে অগ্নি পৰীক্ষা দিবলগীয়া হৈছিল৷ শেহতীয়াকৈ কর্ণাটকত তেনে এক নজিৰবিহীন নাৰী নির্যাতনৰ ঘটনা সংঘটিত হৈছে৷ এগৰাকী মহিলাই জুইত হাত জ্বলাই সতীত্বৰ প্রমাণ দিবলগীয়া হ’ল৷ অভিযুক্ত স্বামীয়ে এই মহিলাগৰাকীক জুইত হাত দিবলৈ বাধ্য কৰাই বুলি প্রকাশ পাইছে৷ ঘটনা পোহৰলৈ অহাৰ লগে লগে পলায়ন কৰে স্বামীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি কর্ণাটকৰ কোলাৰৰ ভিৰেনাহাল্লি গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ তৰুণী স্ত্রীৰ ওপৰত সন্দেহ স্বামী আনন্দৰ৷ গতিকে বিভিন্ন সময়ত পত্নীৰ ওপৰত আনন্দে চলাই আহিছে আতিশয্য৷
ইমানতে ক্ষান্ত নাথাকি মহিলাগৰাকীক জুইত হাত থ’বলৈ বাধ্য কৰায় আনন্দে৷ গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী৷ নির্যাতনৰ ভয়ত এই ঘটনা মহিলাগৰাকীয়ে প্রকাশ কৰা নাছিল যদিও স্বেচ্ছাসেৱী সংগঠন আম্বেদকাৰ সেৱা সমিতিয়ে আৰক্ষীৰ ওচৰত নিজাববীয়াকৈ অভিযোগ দিয়ে৷ এই অভিযোগৰ পাছতেই পলায়ন কৰিছে আনন্দে৷ স্মর্তব্য যে দেশত নাৰী নির্যাতনৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ এক সমীক্ষাত প্রকাশ পোৱা অনুসৰি যোৱা বছৰটোত নাৰী নির্যাতন দেশত বৃদ্ধি পাইছে ৪৬ শতাংশ৷ ধর্ষণ, হত্যা, অপহৰণ আদিৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশৰ বিভিন্ন ৰাজ্যত৷