নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছক প্রতিহত কৰাৰ বাবে লকডাউন চলি থকাৰ মাজতে শনিবাৰে জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণত ৩ চিআৰপিএফ জোৱান শ্বহীদ হোৱাৰ লগতে ৩জন আহত হৈছে ৷ বিৱৰণী মতে, দক্ষিণ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ ছ’প’ৰে অঞ্চলত টহলদাৰী চিআৰপিএফ বাহিনীৰ ওপৰত সন্ত্রাসবাদীৰ গোট এটাই আক্রমণ চলায় ৷ এই আক্রমণত তিনিজন চিআৰপিএফ জোৱানৰ মৃত্যু ঘটাৰ লগতে তিনিজন আহত হয় ৷ চিআৰপিএফ আৰু স্থানীয় আৰক্ষীয়ে ছ’প’ৰেৰ নুৰবাগৰ সমীপৰ আহদ বেবৰ ক্রছিঙত পহৰা দি থাকোঁতেই সন্ত্রাসবাদীৰ দল এটাই জধেমধে গুলীচালনা কৰে ৷ সন্ত্রাসবাদীৰ গুলীত আহত চিআৰপিএফ জোৱানৰ স্থানীয় চিকিৎসালয়লৈ নি থকা অৱস্থাতে দুজনৰ মৃত্যু ঘটাৰ বিপৰীতে আন এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে ৷ এছ ডি এইচ হাস্পতালত আহত জোৱানকেইজনক চিকিৎসা চলাই থকা হৈছে ৷ ঘটনাৰ পিছতেই সমগ্র অঞ্চলটো ঘেৰাও কৰি নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে ৷ প্রাণ হেৰুওৱা চিআৰপিএফ জোৱানকেইজনক হেড কনিষ্টবল ৰাজীৱ শর্মা, কনিষ্টবল খাৰাডে আৰু কনিষ্টবল সৎপাল বুলি আৰক্ষীয়ে প্রকাশ কৰিছে ৷ আনপিনে, আহতকেইজনৰ ভিতৰত হেড কনিষ্টবল এম চি ঘোচ আৰু কনিষ্টবল জাভেদ আছে ৷