নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমকামী যীশুখ্ৰীষ্ট ব্ৰাজিলত নিষিদ্ধ নেটফ্লিক্সৰ বিতৰ্কিত ছবি

দুই নিযুত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ স্বাক্ষৰসম্বলিত আবেদন

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ লেটিন আমেৰিকান চলচ্চিত্র নির্মাণ সংস্থা ‘নেটফ্লিক্স’ক যীশুখ্রীষ্টক সমকামী হিচাপে উপস্থাপন কৰা এখন ছবিৰ প্রদর্শন বন্ধ কৰিবলৈ নির্দেশ দিছে ব্রাজিলৰ আদালতে৷ ‘দ্য টেম্পটেচন অৱ ক্রাইষ্ট’ শীর্ষক এই ছবিখনে ব্রাজিলৰ খ্রীষ্টান ধর্মাৱলম্বী লোকসকলক অসন্তুষ্ট কৰিছে৷ গতিকে ছবিখনৰ প্রদর্শন বন্ধ কৰিবলৈ দুই নিযুত লোকে স্বাক্ষৰ কৰি চৰকাৰক আবেদনো জনাইছে৷ উল্লেখনীয় যে যোৱা মাহত নেটফ্লিক্সৰ কার্যালয়ত মলোট’ভ ক’কটেইল নামৰ এবিধ বিষাক্ত ৰসায়নেৰে আক্রমণ চলাইছিল দুর্বৃত্তই৷ অৱশ্যে ছবিখনৰ প্রদর্শন নিষিদ্ধ কৰা হৈছে যদিও ইয়াক অস্থায়ী বুলি ব্রাজিলৰ আদালতখনে ঘোষণা কৰিছে৷ এই সন্দর্ভত চূড়ান্ত ৰায়দান নকৰা পর্যন্ত নেটফ্লিক্সে ছবিখনৰ প্রদর্শন ব্রাজিলত কৰিব নোৱাৰিব৷ উল্লেখনীয় যে এখন ব্যংগ ছবি ‘দ্য লাষ্ট টেম্পটেচন অৱ ক্রাইষ্ট’ত নেটফ্লিক্সে যীশুখ্রীষ্টক সমকামী ৰূপত উপস্থাপন কৰা ঘটনাই ইউৰোপৰ বিভিন্ন দেশতো প্রতিক্রিয়াৰ সৃষ্টি কৰিছে

You might also like