নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্রলৈ নিৰাপদ আশ্রয় বিচাৰি পলায়ন অষ্ট্রেলিয়ানৰ

বিধ্বংসী বনজুয়ে ধ্বংস কৰিছে ভিক্টোৰিয়াৰ ন ন অঞ্চল

নিয়মীয়া বাৰ্তা, ১ জানুবাৰীঃ ভয়াৱহ বনজুইৰ কবলত পৰা অষ্ট্রেলিয়াৰ হাজাৰ হাজাৰ লোকে নিৰাপদ আশ্রয়ৰ বাবে পলায়ন কৰিছে সমুদ্রৰ জলৰাশিলৈ ভিক্টোৰিয়াৰ উপকূলীয় চহৰ মাল্লাকুটাত সংঘটিত হৈছে এই ঘটনা৷ চহৰখনত বনজুয়ে অধিকসংখ্যক বাসগৃহ ধ্বংস কৰাৰ পাছতে স্থানীয় বাসিন্দাসকলে নিৰাপদ আশ্রয়স্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ স্মর্তব্য যে বিগত দুমাহ ধৰি অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া আৰু নিউ ছাউথ ৱেলছৰ শতাধিক স্থানত চলি থকা বনজুইৰ ফলত সমগ্র অঞ্চলটোত সৃষ্টি হৈছে ভয়াৱহ তাপ দহন৷ ছিডনীকে ধৰি কেইবাখনো চহৰত তাপমাত্রা ৪০ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে এই বিধ্বংসী বনজুইত প্রাণ হেৰুৱাইছে কমপক্ষেও ১২গৰাকী লোকে৷ বনজুইৰ বাবেই ছিডনী আৰু মেলব’নৰ উপকূলৰ মাজৰ কেইবাটাও পর্যটন ক্ষেত্র বন্ধ কৰি দিয়া হৈছে৷ এই পর্যটন ক্ষেত্রসমূহত কেইবাহাজাৰো বিদেশী পর্যটকৰ সমাগম ঘটিছিল যদিও গৰিষ্ঠসংখ্যকেই গৃহভূমিলৈ উভতিবলগীয়া হৈছে৷ বর্তমান দেশখনত আবদ্ধ হৈ থকা অন্য কেইবাহাজাৰ বিদেশী পর্যটকক ইতিমধ্যে গৃহভূমিলৈ প্রত্যাৱর্তনৰ বাবে নির্দেশ জাৰি কৰা হৈছে৷