নিয়মীয়া বার্তা, ১ জুনঃ এমএছএম ৱেবছাইটত নতুন বাতৰি নির্বাচনৰ ক্ষেত্রত সাংবাদিকৰ সলনি স্বয়ংক্রিয় ব্যৱস্থা অর্থাৎ ৰবট ব্যৱহাৰ কৰিব মাইক্র’ছফ্টে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু গ্রেট ব্রিটেইনৰ সংবাদ মাধ্যমত প্রচাৰিত বাতৰি মতে, এম এছ এন ৱেবছাইটত সাংবাদিকৰ দ্বাৰা নতুন বাতৰি আৰু আলোকচিত্র সংগ্রহৰ বিপৰীতে ৰবটৰ আশ্রয় ল’ব মাইক্র’ছফ্টে৷ প্রখ্যাত কোম্পানীটোৱে নিজৰ ব্যৱসায় পৰিৱর্তন কিম্বা উন্নীত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্রহণ কৰিছে৷
বিশ্বৰ আন আন কোম্পানীৰ লেখীয়াকৈ নিজৰ ব্যৱসায় উন্নীত কৰাৰ প্রতি লক্ষ্য ৰাখিয়েই বাতৰি নির্বাচনৰ প্রক্রিয়াত কৃত্রিম বুদ্ধিমত্তা (এআই) তথা ৰবটক প্রাধান্য দিয়া হ’ব৷ ছিটল টাইমছত প্রকাশিত বাতৰি মতে, মাইক্র’ছফ্টে গ্রহণ কৰা এই পদক্ষেপৰ বাবে অতি কমেও ৫০ বাতৰি প্রযোজকে সংস্থাপন হেৰুৱাব৷