নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰীয় ঘূর্ণি নিসর্গক লৈ মায়ানগৰী মুম্বাইত হাই এলার্ট

নিয়মীয়া বাৰ্তা, ৩ জুনঃ আৰব সাগৰত সৃষ্ট কালঘূর্ণি নিসর্গই আজি ঘণ্টাত ১২০ কিলোমিটাৰ বেগেৰে মায়ানগৰী মুম্বাইত খুন্দিয়াব৷ তদুপৰি গুজৰাটৰ উপকূলীয় অঞ্চলতো ঘূর্ণি নিসর্গৰ প্রভাৱ পৰিব৷ সম্ভাব্য সংহাৰৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে মায়ানগৰী মুম্বাইত হাই এলার্ট জাৰি কৰা হৈছে৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টেলিফোনযোগে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ সৈতে বার্তালাপ কৰাৰ পিছত সকলো প্রকাৰৰ সহায়ৰ নিশ্চিতি দিছে৷ ঘূর্ণি নিসর্গই মুম্বাইত প্রবল বৰষুণ দিয়াৰ লগতে বা–মাৰলীয়ে সংহাৰী ৰূপ লোৱাৰ সম্ভাৱনাৰ বিষয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰাৰ পিছতে মহাৰাষ্ট্র আৰু গুজৰাটত এন ডি আৰ এফ জোৱান মোতায়েন কৰা হৈছে৷ দুয়োখন ৰাজ্যৰ সম্ভাব্য স্থানত ৩৩টা এন ডি আৰ এফৰ কোম্পানী মোতায়েন কৰা হৈছে৷

উল্লেখ্য যে ক’ৰোনাই সংহাৰী ৰূপ লোৱা মুম্বাইত ১০০ বছৰৰ পিছত ঘূর্ণি বতাহে খুন্দিয়াব৷ এই ঘূর্ণিৰ ক্ষতিৰ সম্ভাৱনাক লৈ উপকূলীয় অঞ্চলৰ লোকসকলক সজাগ কৰি দিয়া হৈছে৷ পৰৱর্তী ১২ ঘণ্টাৰ পিছতেই কাল ঘূর্ণিয়ে মহাৰাষ্ট্র মুম্বাইৰ উপকূলীয় অঞ্চলত খুন্দিওৱাৰ পিছত এই ঘূর্ণি গুজৰাটলৈ ধাৱমান হ’ব৷ কালঘূূর্ণি উম্পুনৰ পিছত নিসর্গৰ সম্ভাৱনীয় সংহাৰক লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি এক বৈঠকত মিলিত হয়৷

You might also like