সাৱধান এপ্ৰিল ফুল নকৰিব অথবা যাব লগীয়া হ’ব পাৰে জেললৈ!
নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ যদি কোনোবাই এপ্ৰিল ফুলৰ নামত উৰাবাতৰি, য’ত মানুহৰ মনত শংকা হ’ব পৰা যদি কিবা প্ৰচাৰ পৰে তেতিয়া সেইসকল লোকৰ ওপৰত চাইবাৰ এক্টৰ অধীনত গোচৰ ৰুজু কৰা হ’ব। এই ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ মতে আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিব । উল্লেখ্য যে সোমবাৰে আৰক্ষীয়ে এজন লোকৰ ওপৰত গোচৰ ৰুজু কৰিছে য’ত তেওঁ হোৱাটছ এপত মিছা বাতৰি প্ৰচাৰ কৰিছিল যে মুম্বাইত সেনা বাহিনী নিয়োগ কৰা হৈছে । ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা সময়ত এপ্ৰিল ফুলৰ নামত যাতে কোনো ধৰণৰ উৰা বাতৰি নিবিয়পে তাৰ বাবে কঠোৰ হৈছে মহাৰাষ্ট্ৰ চৰকাৰ।