নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰাপায়ীসকল ভাৰতীয় হ’ব নোৱাৰেঃ নীতিশ কুমাৰ

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ২০১৬ চনৰ পৰা বিহাৰত নিষিদ্ধ কৰা হৈছে মদ৷ তাৰ পিছতো বিভিন্ন সময়ত ৰাজ্যখনৰ কেইবাখনো জিলাত বিষাক্ত সুৰা পান কৰি বহু লোকে প্রাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াক লৈ অস্বস্তিত পৰিছে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰ৷ গতিকে হতাশাগ্রস্ত মুখ্যমন্ত্রীগৰাকীয়ে সুৰাপায়ীসকলক ‘মহাপাপী’ আখ্যা দিছে৷

নীতিশ কুমাৰৰ মতে, সুৰাপায়ীসকল ভাৰতীয় নহয়, তেওঁলোক ‘মহাপাপী’৷ আনকি এতিয়াৰে পৰা বিষাক্ত সুৰা পান কৰি বিহাৰত কোনো লোকে প্রাণ হেৰুৱালে তেওঁৰ পৰিয়ালক চৰকাৰে আর্থিক সাহায্য প্রদান নকৰে বুলিও ঘোষণা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ কালি বিধানসভাত ক্ষুব্ধ নীতিশ কুমাৰে উল্লেখ কৰে যে মহাত্মা গান্ধীয়েও সুৰাপানৰ বিৰোধিতা কৰিছিল৷ এনে সুৰাপায়ীসকলক ভাৰতীয় বুলি গণ্য কৰা উচিত নহয় বুলিও মন্তব্য কৰে নীতিশে৷ বিষাক্ত সুৰা পান কৰা লোকসকলৰ পৰিয়ালে চৰকাৰৰ পৰা আর্থিক সাহায্য পোৱাৰ যুক্তি নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিষাক্ত সুৰা পান কৰিলে শৰীৰৰ ক্ষতি হ’ব বুলি জানিও সেই কাম বহুতেই কৰি আহিছে৷ তেনেস্থলত চৰকাৰে ক্ষতিপূৰণ দিবলৈ যোৱা মানে সুৰাপান কৰা কার্যক উৎসাহিত কৰা হ’ব বুলিহে উল্লেখ কৰে নীতিশে৷

You might also like