নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সূচীমতেই হ’ব চিবিএছইৰ দশম–দ্বাদশৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ চেণ্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডৰী ইডুকেশ্বন চমুকৈ চিবিএছইৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষাসমূহ নির্দ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ’ব৷

একাংশ নিউজ প’র্টেলত পৰীক্ষা আৰু পৰীক্ষাকেন্দ্র সলনি হোৱা বুলি প্রচাৰ কৰা বাতৰি নস্যাৎ কৰি চিবিএছইয়ে কালি নির্দ্ধাৰিত সূচীমতেই পৰীক্ষা অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ তদুপৰি দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষার্থীৰ সহায়ৰ বাবে চিবিএছইয়ে  অনলাইন প’র্টেল ‘ই–পৰীক্ষা’ মুকলি কৰে৷

এই ই–পৰীক্ষাৰ জৰিয়তে শিক্ষার্থীসকলে পৰীক্ষাৰ তাৰিখ, ব্যৱহাৰিক পৰীক্ষাৰ তাৰিখ, পৰীক্ষা কেন্দ্র আদিকে ধৰি অসুবিধা সমূহ আঁতৰ কৰাৰ বাবে তথ্য সংগ্রহ কৰিব পাৰিব৷ নির্দ্ধাৰিত সূচী অনুসৰি ৪ মে’ৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ৭ জুনত দশম শ্রেণীৰ পৰীক্ষা আৰু ১১ জুনত দ্বাদশ শ্রেণীৰ পৰীক্ষা সামৰণি পৰিব৷

লক্ষণীয় যে ক’ভিড–১৯ত ক্ষতিগ্রস্ত পৰিয়ালৰ শিক্ষার্থীয়ে পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰিলে সেই পৰীক্ষার্থীয়ে দ্বিতীয়বাৰ পৰীক্ষাত বহাৰ সুযোগ লাভ কৰিব৷

You might also like