নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ ছত্তিশগড়ৰ কর্বা জিলাত এজন যুৱকে এগৰাকী তৰুণীক স্ক্রু ড্রাইভাৰেৰে খুঁচি খুঁচি হত্যা কৰা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি তৰুণীয়ে ফোনত কথা কোৱা বন্ধ কৰিছিল এজন বাছ কনডাক্টৰৰ সৈতে৷ গতিকে নৃশংসভাৱে এই তৰুণীক হত্যা কৰে বাছ কনডাক্টৰজনে৷ যোৱা ২৪ ডিচেম্বৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ স্ক্রু ড্রাইভাৰেৰে ৫১ বাৰ খুঁচি হত্যা কৰা হৈছে এই তৰুণীক৷ অকল সেয়াই নহয়, নৃশংস আক্রমণৰ সময়ত তৰুণীৰ চিৎকাৰ বন্ধ কৰিবলৈ গাৰুৰে হেঁচি ধৰিছিল অভিযুক্তই৷ কর্বা জিলাৰ ছাউথ ইষ্টার্ন ক’লফিল্ডছ লিমিটেডৰ এটা কলনীত সংঘটিত হৈছে এই ঘটনা৷ ইতিমধ্যে আৰক্ষীয়ে দুর্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান চলাইছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ অভিযুক্ত বাছ কনডাক্টৰজনৰ কোনো শুংসূত্র পোৱা নাই ছত্তিশগড় আৰক্ষীয়ে৷