নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাভাৱিকতকৈ গড় তাপমাত্রা বৃদ্ধি পাব মার্চ–মে’ত

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ গোলকীয় উষ্ণতাৰ প্রভাৱ বিশ্বৰ আন দেশৰ লগতে ভাৰততো পৰিছে ৷ বিগত বর্ষত তাপমাত্রাই অভিলেখ ভংগ কৰাৰ পিছত এইবেলিও তাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বিবৃতিযোগে আগজাননী দিয়া মতে অহা মার্চ, এপ্রিল আৰু মে’ মাহৰ তাপমাত্রা স্বাভাৱিকতকৈ বৃদ্ধি পাব ৷ অর্থাৎ গড় তাপমাত্রা বিগত বর্ষৰ তুলনাত অধিক হোৱাৰ সম্ভাৱনা আছে৷ তাপমাত্রা বৃদ্ধিৰ সম্ভাৱনা থকা বতৰ বিজ্ঞান বিভাগৰ মণ্ডলসমূহৰ ভিতৰত উত্তৰ পশ্চিম, পশ্চিম, মধ্য আৰু দক্ষিণ ভাৰতত আটাইতকৈ বেছি গড় তাপমাত্রা বৃদ্ধি পাব৷ বতৰ বিজ্ঞান বিভাগৰ আগজাননী মতে স্বাভাৱিক তাপমাত্রাতকৈ ০.৫ ডিগ্রী তাপমাত্রা সকলো অঞ্চলতে বৃদ্ধি পাব৷ গুৰুত্বপূর্ণ যে হিমাচল প্রদেশ, উত্তৰাখণ্ড, পশ্চিম ৰাজস্থান আৰু অৰুণাচল প্রদেশত স্বাভাৱিক তাপমাত্রাতকৈ গড়ে তাপমাত্রা ১ ডিগ্রীতকৈ অধিক বৃদ্ধি পাব৷ জম্মু–কাশ্মীৰ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পশ্চিম উত্তৰ প্রদেশ, পূব ৰাজস্থান, পূব আৰু পশ্চিম মধ্য প্রদেশ, ছত্তিশগড়, ওড়িশা, হিমালয়ৰ পাদদেশৰ পশ্চিমবংগ, গুজৰাট সৌৰাষ্ট্র, কংকন আৰু গোৱা, মধ্য মহাৰাষ্ট্র, মাৰাথৱাড়া, উপকূলীয় কর্ণাটক আৰু কেৰালাত তাপমাত্রা ০.৫ ডিগ্রীতকৈ অধিক কিম্বা প্রায় সমান বৃদ্ধিৰ সম্ভাৱনা আছে৷ ইপিনে, এই উল্লিখিত অঞ্চলৰ বাদে দেশৰ বাকী প্রান্তত স্বাভাৱিক উচ্চতম তাপমাত্রা –০.৫ ডিগ্রী ছেলচিয়াছৰ পৰা ০.৫ ডিগ্রী ছেলচিয়াছৰ মাজত থাকিব ৷

You might also like