নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ৰোনা ভাইৰাছত আক্রান্ত বুলি সন্দেহ কৰা লোকক কোৱাৰেণ্টাইনৰ বাবে আনিবলৈ যোৱা পৌৰ প্রশাসনৰ লোকক আক্রমণ কৰা ৫৯ দুর্বৃত্তক কর্ণাটকৰ বাংগালুৰুত গ্রেপ্তাৰ কৰা হৈছে ৷ এই ঘটনা সন্দর্ভত ফিৰোজা নামৰ মহিলা এগৰাকীকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷ উল্লেখনীয় যে কর্ণাটকৰ পাডায়ানপুৰা অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷ কোৱাৰেণ্টাইনৰ বাবে ক’ৰোনাত আক্রান্ত বুলি সন্দেহ কৰা লোকক আনিবলৈ যোৱা স্বাস্থ্যকর্মী তথা পৌৰকর্মীৰ ওপৰত উন্মত্ত জনতাৰ দলে আক্রমণ কৰিছিল ৷ লক্ষণীয়ভাৱে তলাবন্ধ কার্যসূচী সফল কৰিবলৈ অস্থায়ীভাৱে স্থাপন কৰা আৰক্ষীৰ তালাচী চকীও উৎখাত কৰিছিল এই লোকসকলে৷ লগে লগে ভাঙি দিয়া হৈছিল কেইবাস্থানতো বেৰিকেড৷ এই ঘটনাক কেন্দ্র কৰি কর্ণাটকত সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়া৷ স্মর্তব্য যে ৰাজ্যখনত ৩৮৪গৰাকী লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ উপৰি এই মহামাৰীত প্রাণ হেৰুৱাইছে ১৪জনে ৷