নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দেশত স্বোৱাইন ফ্লুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৬গৰাকীকৈ বিচাৰপতি স্বোৱাইন ফ্লুৰ ভাইৰাছ এইচ১এন১ৰ দ্বাৰা আক্রান্ত হোৱাৰ ফলত ন্যায়ালয়খনৰ বহু গোচৰৰ বিচাৰ প্রক্রিয়াত আহি পৰিছে বিলম্ব৷ ইফালে, ৬গৰাকীকৈ সতীর্থ বিচাৰপতি স্বোৱাইন ফ্লুত আক্রান্ত হোৱাৰ বাবে কর্তব্যৰ পৰা বাহিৰত থকা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে মুখ্য ন্যায়াধীশ এছএ ব’বদে৷ ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিষয়টোক লৈ মুখ্য ন্যায়াধীশে সকলো বিচাৰপতিৰ এক জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে৷ স্মর্তব্য যে স্বোৱাইন ফ্লুৰ দ্বাৰা আক্রান্ত হৈ কর্তব্যত অনুপস্থিত থকা দুগৰাকী বিচাৰপতি হৈছে ৯জনীয়া সাংবিধানিক বিচাৰপীঠৰ সদস্য৷ এই ৯জনীয়া সাংবিধানিক বিচাৰপীঠে সবৰীমালা মন্দিৰৰ গোচৰত শুনানি গ্রহণ কৰি আছে৷ গতিকে দুগৰাকী বিচাৰপতিৰ অনুপস্থিতিৰ বাবে সবৰীমালা গোচৰৰ শুনানিত স্বাভাৱিকতেই ঘটিছে বিলম্ব৷ লক্ষণীয়ভাৱে ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে ৬গৰাকী বিচাৰপতি স্বোৱাইন ফ্লুৰ দ্বাৰা আক্রান্ত হোৱা বুলি সদৰী কৰিছে যদিও কোনো এগৰাকীৰেই নাম প্রকাশ কৰা নাই৷