নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনাৰ ত্ৰাসত এতিয়াত স্তব্ধ হৈ পৰিছে সকলো দেশ । পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বুলি ভবা মানৱ জাতিয়ে আজি যেন হাৰ মানিছে প্ৰকৃতি ওচৰত । ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ বিশ্ব লকডাউন হৈ থকাৰ পৰতে প্ৰকৃতিৰ কেতবোৰ দৃশ্যই আমোদ দিছে সকলোকে । বিশেষকৈ এইকেইটা দিনত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ৰাজপথত হৰিণা, বাঘ আদিৰ জন্তুৰ মুক্ত বিচৰণৰ দৃশ্যবোৰে বহু কথাই কৈ গৈছে । আনহে নালাগে এই অসম মুলুকৰে ধেমাজি চহৰত বন্যহস্তীৰ বিচৰণো আছিল অতি নান্দনিক ।
দেশজুৰি ২১ দিনীয়া লকডাউনৰ পাচতেই এতিয়া খালীহৈ পৰিছে সমুদ্ৰৰ তীৰ । সমুদ্ৰৰ তীৰ সমূহ হৈ জনশূন্য হৈ পৰা লগতে মানুহৰ এটা খোজও দেখা পোৱা নাই বিচ্চত । শেহতীয়াভাৱে ওড়িশাৰ ঋষিকল্যা সমুদ্ৰ তীৰৰ এক দৃশ্যই এতিয়া আনন্দিত কৰিছে প্ৰকৃতিপ্ৰেমীক । সমুদ্ৰ তীৰত এতিয়া মাত্ৰ লাখ লাখ কাছৰ মুক্ত বিচৰণ । ইপাৰৰ পৰা সিপাৰলৈ কেৱল কাছ আৰু কাছ । এই বিচ্চতেই এতিয়া কণী পাৰিছে কাছই । বন বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি প্ৰায় সাতলাখ অলিভ ৰিদলেছ কাছ এতিয়া নিয়মিত আহিছে এই স্থানলৈ । পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বুলি ভবা মানৱজাতিয়ে প্ৰকৃতিৰ এনে দুঃসময়ত নিজকে আবদ্ধ কৰি ৰাখিব লগীয়া হৈছে চাৰিবেৰৰ মাজত । সততে মানৱ জাতিয়ে পৃথিৱীৰ প্ৰতিটো প্ৰাণী অথবা জীৱকুললৈ সংকট কঢ়িয়াই অনাৰ সময়তে এতিয়া যেন মানৱ সমাজলৈ নামি আহিছে গভীৰ সংকট ।
Away from the glare of Pandemic,our guests arrived by sea a bit late.The timing was perfect as lockdown ensured no disturbances??
Mass nesting at Gahirmatha completed & is Continuing at Rushikulya.Little less than 8 lakhs have laid eggs till now, that’s 6Cr eggs at our coast? pic.twitter.com/HofOo5ntw2— Susanta Nanda IFS (@susantananda3) March 25, 2020
প্ৰতিবছৰে ওড়িশাৰ এই বিশেষ সমুদ্ৰ তীৰলৈ মাৰ্চমাহত এইধৰণৰ কাছ অহা দেখা যায় যদিও লাখ লাখ কাছ অহাৰ দৃশ্য এইয়ে প্ৰথম । বন বিভাগৰ তৰফৰ পৰা এইটো অনুমান কৰা হৈছে যে এইবাৰ প্ৰায় ৬০ মিলিয়ন কণী পাৰিব এইসমূহ কাছই । মানুহৰ অত্যাচাৰ আৰু আগ্ৰাসনৰ পৰা কিছুদিনৰ বাবে মুক্ত হোৱা পৃথিৱীত এতিয়া যেন প্ৰতিটো জীৱই মুক্তমনে নিজৰ বংশবৃদ্ধি কৰাৰ লগতে জীয়াই থকাৰ এক সুযোগ পাইছে ।
তথাপিও , পৃথিৱীৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাচতেই পুনৰ আৰম্ভ হ’ব নিজকে জীৱশ্ৰেষ্ঠ বুলি ভবা এই মানুহবোৰৰ তাণ্ডৱ । জীৱশ্ৰেষ্ঠ মানৱক দমনৰ বাবেই যে প্ৰকৃতিৰ এই ধ্বংসলীলা অব্যাহত আছে সেয়া অৱশ্যে বুজি উঠিছে সকলোৱে ।