এতিয়াৰে পৰা টকা উলিয়াবলৈ ATMত PIN ৰ লগতে আপুনি দিব লাগিব OTP…
ATMত PIN ৰ লগতে আপুনি দিব লাগিব OTP
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ হেকিং ৰোধৰ বাবে SBIৰ নতুন পদক্ষেপ। এতিয়াৰে পৰা টকা উলিয়াবলৈ ATMত PIN ৰ লগতে আপুনি দিব লাগিব OTP। ১০ হাজাৰ টকাৰ অধিক উলিয়াবলৈ হ’লে আপোনাৰ বেংক একাউণ্টৰ লগত সংলগ্ন মোবাইল ফোন নম্বৰত আহিব OTP আৰু ATM মেছিনে বিচৰা OTP দিলেহে আপুনি উলিয়াব পাৰিব ধন। আজিৰে পৰা সমগ্ৰ দেশজুৰি প্ৰযোজ্য এই ব্যৱস্থা। গ্ৰাহকৰ অধিক সুৰক্ষাৰ বাবে SBIৰ এই পদক্ষেপ। ধনৰ লেনদেনৰ ক্ষেত্ৰত যাতে গ্ৰাহক যাতে কোনো দুষ্ট চক্ৰৰ বলি নহয় তাৰ বাবেই এই ব্যবস্থা গ্ৰহণ কৰা হৈছে। ইণ্টাৰনেটৰ জড়িয়তে হেকাৰ বহু গ্ৰাহকক ঠগি আহিছে। বেংক একাউণ্টৰ পৰা সাঁচতীয়া ধন হৰলুকী হোৱাৰ ঘটনাই আপোনাক হয়তু বহু সময়ত চিন্তিত কৰি তোলে। ইণ্টাৰনেটৰ জড়িয়তে ধনৰ লেনদেনত কোনো খেলিমেলিৰ সৃষ্টি নহয় তাৰবাবে এই পদক্ষেপ SBIৰ।