নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১,৩০৬জন বিদেশীসহ নিজামুদ্দিন মাৰ্কাজৰ ৯ হাজাৰ জামাতীক কোৱাৰেণ্টাইন

২৪ ঘণ্টাত ৪৫২ নতুন আক্ৰান্ত-১৪জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ লক ডাউনৰ পাছত ক্ৰমাগতভাৱে ক’ভিড-১৯ৰ সংক্ৰমণ দেশব্যাপী বৃদ্ধি পাইছে। দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ ক’ৰোণা বাহকে বিগত তিনি দিনত দেশৰ প্ৰান্তে প্ৰান্তে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰিছে। তিনি শতাধিক লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত চাৰি শতাধিক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত ৪৫২জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে ১৪জনৰ মৃত্যু ঘটিছে। ইয়াকে লৈ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২,৫১১জন হৈছে। মৃতকৰ সংখ্যা ৭০জন। নিজামুদ্দিন মাৰ্কাজৰ ক’ৰোণা বাহকে কেইবাখনো ৰাজ্যত আক্ৰান্তৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে নতুন নতুন ৰাজ্যতো এই ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হৈছে। অসমত নিজামুদ্দিন ফেৰৎ ১৬জন লোক আক্ৰান্ত হোৱাৰ পাছত অৰুণাচল প্ৰদেশতো প্ৰথমজন ক’ভিড-১৯ত আক্ৰান্ত লোক চিনাক্ত হৈছে। এই লোকজনো নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় কাৰ্যসূচীত অংশ লৈছিল। দেশলৈ ক’ভিড-১৯ৰ সংক্ৰমণৰ ভয়াৱহতা অধিক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিততে তবলিগী জামাতৰ ৯০০০জন সদস্য চিনাক্ত কৰি ইতিমধ্যে কোৱাৰেণ্টাইনত ৰখা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ৯০০০ৰ ভিতৰত ১,৩০৬গৰাকী বিদেশী ইছলামধৰ্মী নাগৰিক। লক্ষণীয় যে দিল্লী চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাক অৱজ্ঞা কৰি নিজামুদ্দিন মাৰ্কাজত ধৰ্মীয় কাৰ্যসূচীৰ বাবে বাহৰ পাতি থকা ২,০০০তকৈ অধিক লোকক আৰক্ষী প্ৰশাসনে বাহিৰলৈ উলিয়াই আনি ইয়াৰে ১,৮০৪জনক কোৱাৰেণ্টাইনত ৰাখিছে। ৩৩৪জনক ক’ৰোণা আক্ৰান্তৰ সন্দেহত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মাৰ্কাজৰ ২৪জন লোক ক’ৰোণা আক্ৰান্ত হোৱাৰ বিপৰীতে এই কাৰ্যসূচীৰ পৰা নিজ নিজ ৰাজ্যলৈ অনেকজনৰ দেশত ক’ভিড-১৯ নিশ্চিত হৈছে। আনহাতে তবলিগী জামাতৰ সদস্যসকলে চিকিৎসালয়ত ক’ভিড-১৯ৰ পৰীক্ষণত অসন্তুষ্টি প্ৰকাশ কৰাই নহয় চিকিৎসক-চিকিৎসা কৰ্মীক ভাবুকি প্ৰদান কৰি আহিছে। দিল্লীত এল এন জে পি হাস্পতালৰ চিকিৎসক-চিকিৎসা কৰ্মীক জামাতৰ সদস্যই ভাবুকি দিয়া বুলি হাস্পতালৰ মুৰব্বীগৰাকীয়ে আৰক্ষীক অভিযোগ দিছে। এল এন জে পি হাস্পতালৰ সঞ্চালক কিশোৰ সিঙে প্ৰকাশ কৰা মতে তবলিগী জামাতৰ সদস্যই চিকিৎসক-চিকিৎসা কৰ্মীক তেওঁলোকৰ প্ৰয়োজনীয় প্ৰয়োজনীয় পৰীক্ষণত বাধা দিছে। তবলিগী জামাতত অংশগ্ৰহণ কৰা ৯৬০গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে আৱশ্যকীয় আইনী ব্যৱস্থাও গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে। দুৰ্ভাগ্যজনক যে ক’ৰোণা যুঁজত নিজক উৎসৰ্গিত কৰা দেশৰ চিকিৎসক-চিকিৎসা কৰ্মীৰ ভিতৰত ৫০জন ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

You might also like