নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ এপ্ৰিলৰ ভিতৰতে ভংগ হ’ব ক’ভিড-১৯ৰ শৃংখল

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছত আক্ৰান্তক শুশ্ৰূষাৰ বাবে দেশৰ স্থল-বায়ু আৰু নৌসেনাই উৎসৰ্গিত মনোভাৱৰে কাম কৰি আছে। সেনা-বাহিনীত আক্ৰান্তক যত্ন কৰাৰ বাবে ১৫ হাজাৰতকৈ অধিক বিছনা সাজু কৰি ৰাখিছে। লক ডাউন মনা আৰু সামাজিক দূৰত্ৱ বৰ্তাই ৰাখি অহা ১৪ এপ্ৰিলৰ ভিতৰতে ক’ৰোনা ভাইৰাছৰ শৃংখল দেশে ভংগ কৰিব পাৰিব বুলি বিশ্বাস কৰে CDS জেনেৰেল বিপিন ৰাৱটে। সাংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত CDS গৰাকীয়ে কয় যে দেশৰ জনতা আৰু চৰকাৰৰ প্ৰয়োজনত সেনা-বাহিনীয়ে যিকোনো কাম কৰিবলৈ সম্পূৰ্ণ সাজু হৈ আছে। ইতিমধ্যে সেনাৰ শিবিৰসমূহৰ সন্দেহযুক্ত আক্ৰান্তক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। দেশত ক’ৰোনা ভাইৰাছৰ মহামাৰী প্ৰতিৰোধৰ কৰিবলৈ হ’লে প্ৰতিজন নাগৰিকে ১০০ শতাংশ লক ডাউন আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব। অন্যথা দেশে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। দেশব্যাপী তিনি সেনা বাহিনীৰ ১৭-১৮খন চিকিৎসালয়  ক’ভিড-১৯ত আক্ৰান্তৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে। উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, পশ্চিমবংগত এনে ব্যৱস্থা চলি থকাৰ উপৰিও উত্তৰ-পূৱৰ নাগালেণ্ড ডিমাপুৰ আৰু জাখামাৰ হাস্পতাল সাজু কৰি ৰখা হৈছে।

You might also like