নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ ভিতৰতে ক’ভিড প্রতিষেধক ছিটা

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ক’ভিড–১৯ৰ প্রতিষেধক ছিটা আগন্তুক ১৫ আগষ্টৰ ভিতৰত উদ্ভাৱন কৰাৰ বাবে ভাৰতীয় সংস্থা ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডে প্রচেষ্টা চলাই আছে৷ উল্লেখনীয় যে মানৱ শৰীৰত প্রতিষেধক ছিটাৰ ক্লিনিকেল পৰীক্ষা চলোৱাৰ অনুমতি লাভ কৰিছে সংস্থাটোৱে৷ ইতিমধ্যে এই ছিটাবিধ প্রস্তুতৰ প্রাৰম্ভিক কাম–কাজৰ অন্ত পৰিছে৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ বা আইচিএমআৰৰ তৰফৰ পৰা ইতিমধ্যে ২ জুলাইত এক পত্রত এই কথা উল্লেখ কৰা হৈছে৷ চৰকাৰৰ শীর্ষ পর্যায়ৰ গৱেষক তথা বিজ্ঞানীয়ে এই সমগ্র প্রকল্পটোৰ ওপৰত নিৰীক্ষণ চলাই আছে৷ অৱশ্যে সবিশেষ তথ্য এই সন্দর্ভত ভাৰত বায়’টেকৰ পৰা সদৰী কৰা নাই৷ ভাৰতত এতিয়ালৈকে ক’ভিড–১৯ত ৬ লাখ ৪০ হাজাৰ লোক আক্রান্ত হৈছে৷

You might also like