নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি বৃদ্ধি মুকেশ আম্বানীৰ

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ২০১৯ চনৰ ২৩ ডিচেম্বৰলৈকে বর্ষটোত ১৭ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি বৃদ্ধি পালে মুকেশ আম্বানীৰ ৷ এছিয়াৰ অন্যতম ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্রিজ লিমিটেডৰ মুৰব্বী মুকেশ আম্বানীৰ কোম্পানীৰ শ্বেয়াৰ ৪০ শতাংশ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিততেই বর্ষটোত ১৭ বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি বৃদ্ধি পায় ৷ এই সম্পত্তিৰ মূল্যসহ পূর্বৰ ৫০ বিলিয়ন মার্কিন ডলাৰৰ গৰাকী মুকেশ আম্বানীৰ বর্তমান সম্পত্তিৰ মূল্য হ’লগৈ ৬০.৮ বিলিয়ন মার্কিন ডলাৰ ৷ ব্রুমবার্গ বিলিয়নার্ছ সূচকাংক অনুসৰি মুকেশ আম্বানীৰ ১৭ বিলিয়ন সম্পত্তি বৃদ্ধি পোৱাৰ বিপৰীতে তেওঁৰ প্রতিদ্বন্দ্বী আলিবাবা গ্রুপৰ প্রতিষ্ঠাতা জেকমাৰ সম্পত্তি ১১.৩ বিলিয়ন বৃদ্ধি পাইছে ৷ ভাৰতীয় অর্থনীতিৰ বাবে বেয়া দিন যদিও উদ্যোগপতি আম্বানীৰ বাবে ২০১৯ বর্ষটো অধিক লাভজনক হিচাপে বিবেচিত হৈছে ৷ গুৰুত্বপূর্ণ যে এনেদৰে লাভজনক হৈ থাকিলে ২০২১ চনৰ ভিতৰত আম্বানী শূন্য ঋণৰ গৰাকী হ’ব ৷

You might also like